নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ এছটি মৰ্চাৰ সম্পাদক সুৰেন চন্দ্ৰ বড়োৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ তামুলপুৰ জিলা গোৰেশ্বৰ চহৰস্থিত বাথৌপুৰি নিৱাসী তথা বিজেপিৰ এছটি মৰ্চাৰ ৰাজ্যিক সভাপতি, সমাজ সংগঠক সুৰেন চন্দ্ৰ বড়োৰ (৫৩) পুৱতিনিশা অকাল মৃত্যুত সমগ্ৰ জিলাৰ লগতে গোৰেশ্বৰত শোকৰ ছাঁ পৰে। অত্যন্ত সাহসী আৰু নিৰ্ভীক তথা এগৰাকী সক্ৰিয় সমাজসেৱক হিচাবে সকলোৰে মাজত পৰিচিত সুৰেন চন্দ্ৰ বড়োৱে কালি দিনৰ ভাগত বিজেপিৰ কৰ্মকৰ্ত্তাসকলৰ সতে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ মংগলদৈ, টংলা ওডালগুৰি আদি বিভিন্ন ঠাইত হাঁহি ধেমালিৰে নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰি সন্ধিয়া ঘৰলৈ উভতি আহিছিল। নিশা নৈমিতিক আহাৰ গ্ৰহণ কৰি শুই আছিল সুৰেন চন্দ্ৰ বড়োৱে। পৰিয়ালে জনোৱা মতে পুৱতিনিশা ২.৩০ মান বজাত হঠাৎ অসুস্থ অনুভৱ কৰে। আৰু লগে লগে পৰিয়াল তথা ওচৰ চুবুৰায়াই নাৰায়ণা হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে ইতিমধ্যে মৃত ঘোষণা কৰে। ইফালে পূৱা সুৰেন চন্দ্ৰ বড়োৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে অগণন লোকে আহি তেওঁৰ বাসভৱনত ভিৰ কৰেহি। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিটিচিৰ ই এম ৰনেন্দ্ৰ নাৰ্জাৰী, গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এম চি এলে পবিত্ৰ কুমাৰ বড়ো, খৈৰাবাৰী সমষ্টিৰ এম চি এলে ভৱেন বড়ো, উত্তৰ কামৰূপ ভাৰতীয় যুৱ মৰ্চাৰ সভাপতি ঋষভ ৰঞ্জন দাস, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক শংকৰ ৰাজবংশী, তামুলপুৰ জিলা বিজেপিৰ সাধাৰন সম্পাদক, কৰন চেত্ৰী, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি সমৰজিৎ ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৱাহেদূৰ ৰহমান, গোৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি লৱ ডেকা, নিখিল বড়ো ছাত্ৰ সন্থাৰ তামুলপুৰ জিলাৰ সম্পাদক মিলনিয়াৰ বড়ো, গোৰেশ্বৰ মণ্ডল বিজেপি, গোৰেশ্বৰ ব্যৱসায়ী সন্থা,  গোৰেশ্বৰ সাহিত্য সভা, বড়ো সাহিত্য সভা আদি কৰি বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই তেওৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ৰাজনীতিৰ লগত সক্ৰীয়ভাৱে জড়িত হোৱাৰ উপৰিও সুৰেন চন্দ্ৰ বড়োৱে গোৰেশ্বৰৰ প্ৰতিটো ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতপ্ৰত ভাৱে জড়িত হৈ আছিল। মৃত্যুৰ পূৰ্বে তেওঁ গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱৰ সম্পাদক, বাথৌ মহাসভাৰ সম্পাদক, বিৰগৌশ্ৰি হাৰিমু আফাদৰ সম্পাদক লগতে কেবাটাও অনুষ্ঠানৰ দায়িত্বত আছিল। উল্লেখ্য যে যোৱা বি টি চি নিৰ্বাচনত মিচন ২০-২০ দলৰ হৈ নিৰ্বাচন খেলি ৰাইজৰ জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল। মৃত্যুৰ পূৰ্বে তেও এগৰাকী পত্নী, এগৰাকী কন্যা সন্তান, এজন পুত্ৰ, চাৰিজন ভাই ককাইৰ লগতে বহুতো আত্মীয় কুতুম্বক ইহসংসাৰত এৰি যায়।
প্ৰেৰক বিজয় ৰাজবংশী
You might also like