বিজনীত উৎকোচ লৈ গ্ৰেপ্তাৰ CDPO ব্ৰজেন্দ্ৰনাথ দাস
নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ : মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ কৰে চিৰাঙৰ বিজনীৰ বড়োবাজাৰৰ CDPO ব্ৰজেন্দ্ৰনাথ দাসক। চাৰি লাখ টকাৰ বিল চহী কৰাৰ নামত বিচাৰিছিল ৩০,০০০ টকা উৎকোচ। ১০,০০০ টকা উৎকোচ লোৱাৰ সময়তে বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত আজি ব্ৰজেন্দ্ৰনাথ দাসক হাতে-লোটে গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই।
প্ৰেৰক বৰ্ণালী তালুকদাৰ