নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰাপত্তাত সুৰুঙা : তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন তিনি হাজোতীৰ 

বাৰ্তা ব্যুৰ’, তেজপুৰ, ১৮ মাৰ্চঃ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা যোৱানিশা পলায়ন তিনিটাকৈ কাৰাৱদ্ধ হাজোতীৰ৷ উল্লেখ্য যে ব্ৰিটিছ আমোলত ১৮৪৬ত স্থাপিত তথা ৰাজ্যৰ অন্যতম সুৰক্ষিত কাৰাগাৰ হিচাপে চিহ্নিত এই কাৰাগাৰখনৰ পৰা তিনিটাকৈ হাজোতীয়ে কটকটীয়া নিৰাপত্তা ৰক্ষীবাহিনীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হোৱা ঘটনাই কাৰাগাৰখনৰ সমগ্ৰ ব্যৱস্থাৱলীৰ ফোঁপোলাস্বৰূপ উদঙাই দিছে৷ পলায়ন কৰা এই হাজোতীকেইটা হ’ল ক্ৰমে শোণিতপুৰৰ ঠেলামৰা এৰাসূুতি নিৱাসী কাৰ্ত্তিক তাঁতীৰ পুত্ৰ তুলেশ্বৰ তাঁতী (২১), একে অঞ্চলৰে  দ-গাঁৱৰ ভেৰগাঁওৰ নিৱাসী মহম্মদ চমিৰউদ্দিনৰ পুত্ৰ জেহেৰুল ইছলাম (২১) আৰু পশ্চিম বংগৰ উত্তৰ দিনাজপুৰৰ ইতাহাৰ থানাৰ এলেকাধীন দক্ষিণা গাঁৱৰ নিৱাসী বিশ্বনাথ মণ্ডলৰ পুত্ৰ ইন্দ্ৰজিৎ মণ্ডল নামৰ ২৯ বছৰীয়া যুৱক৷ উল্লেখ্য যে অপহৰণ আৰু জোৰজবৰদস্তিকৈ মহিলাক বিবাহত বহিবলৈ বাধ্য কৰোৱাৰ দৰে অপৰাধত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ ধাৰাত  অভিযুক্ত  তুলেশ্বৰক ঠেলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি যোৱা ৩ ফেব্ৰুৱাৰী, ২০২৪ত ন্যায়িক আদালতত আৰক্ষীয়ে হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ লৈ তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰলৈ হাজোতী হিচাপে প্ৰেৰণ কৰিছিল৷ জেহেৰুলক  শিশু সুৰক্ষা আইনৰ অধীনত ঠেলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি  যোৱা ১০ জানুৱাৰী, ২০২৪ ত ন্যায়িক আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰলৈ হাজোতী হিচাপে প্ৰেৰণ কৰিছিল৷ আনহাতে, ইন্দ্ৰজিতক শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীয়ে নাৰ্কোটিক ড্ৰাগছ আৰু ছাইকোট্ৰপিক পদাৰ্থ আইন চমুকৈ  ‘এনডিপিএছ’ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি যোৱা ২৬ ফেব্ৰুৱাৰী, ২০২৪ত  ন্যায়িক আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰলৈ হাজোতী হিচাপে প্ৰেৰণ কৰিছিল৷ গুৰুতৰ অপৰাধৰ গোচৰত অভিযুক্ত  এই তিনিটা হাজোতী তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ১২নং ৱাৰ্ডত একেলগে আছিল৷ এক বিশেষ সূত্ৰে জানিবপৰা মতে যোৱা নিশা ১১.৪৫ মান বজাত এই তিনিওটা হাজোতীয়ে কটকটীয়া নিৰপত্তা আৰক্ষীৰ চকুত ধূলি দি কেন্দ্ৰীয় কাৰাগাৰটোৰপৰা পলায়ন কৰিবলৈ সক্ষম হয়৷ মাজনিশা এই ঘটনা কাৰাগাৰৰ কতৃপক্ষই অৱগত হোৱাৰ পিছতেই হুৱা-দুৱা লাগে৷ আজি কেন্দ্ৰীয় কাৰাগাৰখন অধীক্ষক সঞ্জীৱ কুমাৰ চেতিয়াই ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্তসহ পলাতক হাজোতীকেইটাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এই  বাতৰি যুগুতোৱাৰ পৰলৈকে কোনো শুং-সূত্ৰ ওলোৱা নাই পলাতক তিনিটাৰ৷ যি কি নহওক কটকটীয়া নিৰাপত্তা বাহিনীৰ বেষ্টনীৰে সুৰক্ষাৰ ব্যৱস্থা কৰা কেন্দ্ৰীয় কাৰাগাৰখনৰ পৰা এইদৰে তিনিওটাকৈ হাজোতীয়ে চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হোৱা ঘটনাক কেন্দ্ৰ কৰি কাৰাগাৰখন সুৰক্ষা ব্যৱস্থাক লৈ এতিয়া স্বাভাৱিকতেই  প্ৰশ্ন উত্থাপিত হৈছে৷
প্ৰেৰক পুলক কুমাৰ ডেকা
You might also like