নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ মার্চৰ ভিতৰত দাখিল কৰক নির্বাচনী বণ্ডৰ সকলো তথ্য

🔹 এছবিআইক পুনৰ জবাবদিহি ছুপ্রিম ক’ৰ্টৰ

বিশেষ বাৰ্তা, ১৯ মার্চ : এছবিআইৰ বিৰুদ্ধে অধিক কঠোৰ উচ্চতম ন্যায়ালয়৷ সর্বোচ্চ ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠৰ নির্দেশৰ পাছতো এছবিআয়ে নির্বাচনী বণ্ডৰ তথ্য সম্পূর্ণ নিদিয়াক লৈ অসন্তুষ্ট বিচাৰপীঠে কালি পুনৰ কঠোৰ সিদ্ধান্ত গ্রহণ কৰি অহা ২১ মার্চৰ ভিতৰত নির্বাচনী বণ্ডৰ সকলো তথ্য দাখিল কৰিবলৈ নির্দেশ দিছে৷ যোৱা ১৫ ফেব্রুৱাৰীত অসাংবিধানিক আখ্যাৰে নির্বাচনী বণ্ড আঁচনি বন্ধ কৰি দিয়াৰ পাছত এছবিআইক ১১ মার্চত নির্বাচনী বণ্ডৰ তথ্য নির্বাচন আয়োগক নির্দেশ দিছিল উচ্চতম ন্যায়ালয়ে৷ ১১ মার্চত এছবিআয়ে এক আবেদন দাখিল কৰি তথ্য দাখিলৰ দিন ৩ মাহ পিছুৱাব লাগে বুলি উচ্চতম ন্যায়ালয়ক যুক্তি প্রদর্শন কৰে যদিও কঠোৰ বিচাৰপীঠে ২৪ ঘণ্টাৰ ভিতৰত নির্বাচনী বণ্ডৰ তথ্য দাখিলৰ নির্দেশ দিয়ে৷ সেইমর্মে এছবিআয়ে ১২ মার্চত নির্বাচনী বণ্ডৰ তথ্য আয়োগক দাখিল কৰে যদিও সেই তথ্য আয়োগে ৰাজহুৱা কৰাৰ পাছত ক্ষুণ্ণ হৈ পৰে সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠ৷ উক্ত দিনাই এছবিআইক সম্পূর্ণ তথ্য দাখিলৰ নির্দেশ দিয়াৰ পাছত নির্বাচন আয়োগে পুনৰ নতুন তথ্য ৰাজহুৱা কৰে৷ এই তথ্যও সম্পূর্ণ নোহোৱাৰ পৰিপ্রেক্ষিতত বিচাৰপীঠে এছবিআইক তীব্র ভাষাৰে ককর্থনা কৰি বাছনিকৃত নহয়, সমগ্র তথ্য ২১ মার্চৰ ভিতৰত দাখিল কৰিবলৈ অন্তিম সময়সীমা নির্ধাৰণ কৰি দিয়ে৷ বিচাৰপীঠে ২১ মার্চৰ বিয়লি ৫ বজাৰ পূর্বে শপতনামাসহ সকলো তথ্য দাখিল কৰিবলৈ এছবিআইৰ অধ্যক্ষক নির্দেশ দিয়ে৷ এই তথ্যত যাতে কোনোধৰণৰ বিসংগতি নাথাকে তাৰ বাবেও কঠোৰ নির্দেশ বিচাৰপীঠৰ৷ নির্বাচনী বণ্ডৰ তথ্য দাখিলৰ ক্ষেত্রত যাতে কোনোধৰণৰ গাফিলতি নকৰে তাৰ বাবে সকীয়নি দি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে কয় যে ৰায়ত এই কথা স্পষ্ট কৰা হৈছে যে সমগ্র তথ্য প্রকাশ কৰাৰ আৱশ্যক, বাছনিকৃত নহয়৷ এছবিআইৰ হাতত থকা সকলো তথ্য বিচৰা হৈছে৷ কোনো ৰাজনৈতিক দলৰ হেঁচাত এছবিআয়ে যেন তথ্যৰ বিসংগতি নকৰে৷ এছবিআয়ে ন্যায়ালয়ৰ ৰায় মানি চলাটো উচিত৷ মন কৰিবলগীয়া যে এছবিআয়ে নির্বাচনী বণ্ডৰ নম্বৰ প্রকাশ নকৰা বাবে যোৱা শুনানিত দেশৰ বৃহত্তম ৰাজহুৱা খণ্ডৰ বেংকটোক ককর্থনা কৰিছিল৷ ইয়াৰ পাছতে এছবিআয়ে পূর্ণাংগ তথ্য দাখিল নকৰাক লৈ ক্ষুণ্ণ সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে ২১ মার্চৰ ভিতৰত সকলো তথ্য দাখিলৰ নির্দেশ দিছে৷

You might also like