🔹 ৮ এপ্ৰিলৰ ভিতৰত ভাৰত চৰকাৰক উত্তৰ দিয়াৰ নিৰ্দেশ
🔹 আজিৰ শুনানি সম্পৰ্কে মহাসংঘৰ প্ৰতিক্ৰিয়া
বিশেষ বাৰ্তা, ১৯ মাৰ্চ : আজি ছুপ্ৰিম কৰ্টত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ সম্পৰ্কে হোৱা শুনানিত ভাৰত চৰকাৰে ৪ সপ্তাহ সময় বিচাৰিছিল যদিও মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে ৩ সপ্তাহ সময়হে মঞ্জুৰ কৰি পৰৱৰ্তী শুনানি ৯ এপ্ৰিলত হ’ব বুলি ঘোষণা কৰে । এগৰাকী গোচৰীয়া হিচাপে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে আজি ছুপ্ৰিম কৰ্টৰ বিচাৰপীঠে ‘কা’ৰ প্ৰয়োগৰ ক্ষেত্ৰত স্থগিতৰ নিৰ্দেশ দিয়া হ’লে সুখী হ’লহেঁতেন বুলি কয় । কাৰণ এই আইনৰ অধীনত এবাৰ এজন বিদেশীক নাগৰিকত্ব দিয়াৰ পিছত সেয়া ঘূৰাই ল’ব পাৰিব নে নাই, সেই সম্পৰ্কে কোনো স্পষ্ট নীতি নাই । সেয়ে স্থগিতাদেশ দিয়াটো জৰুৰী আছিল বুলি ৰহমানে কয় । আজিৰ বিচাৰপীঠত ন্যায়াধীশ জে বি পাৰডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ আছিল । মহাসংঘৰ হৈ জ্যেষ্ঠ অধিবক্তা বিজয় হান্সাৰিয়া উপস্থিত আছিল । আবেদনকাৰীসকলে ‘কা’ কাৰ্যকৰী কৰা জাননী স্থগিত ৰাখিবলৈ কৰ্টক নিৰ্দেশ দিবলৈ আবেদন জনায় যদিও কৰ্টে এই ক্ষেত্ৰত কোনো নিৰ্দেশ নিদিলে । অৱশ্যে চন্দ্ৰচূড়ে ‘কা’ৰ নিয়মাৱলীত নাগৰিকত্ব দিয়াৰ স্পষ্ট আন্তঃগাথঁনি নাই বুলি কয় । ৮ এপ্ৰিলৰ ভিতৰত ভাৰত চৰকাৰক আবেদনসমূহৰ ওপৰত মাত্ৰ ৫ পৃষ্ঠাৰ প্ৰতিবেদন কৰ্টক জমা দিবলৈ নিৰ্দেশ দিয়ে । ৯ এপ্ৰিলৰ শুনানি নোহোৱাকৈ চৰকাৰে যাতে এই আইনৰ অধীনত কাকো নাগৰিকত্ব দিয়া নহয়, তাৰ নিশ্চয়তা চৰকাৰৰ পৰা বিচাৰিছিল যদিও ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই তেনে প্ৰতিশ্ৰুতি দিবলৈ অস্বীকাৰ কৰে । অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক চৰকাৰে এই আইনৰ অধীনত কোনোবা বিদেশীক নাগৰিকত্ব দিছে নেকি, সেয়া কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ অসম সন্মিলিত মহাসংঘই আহ্বান জনাইছে ।