নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ : কংগ্ৰেছ দলে আগন্তুক লোকসভা নিৰ্বাচনত ১০খনতকৈ অধিক আসন লাভ কৰাটো নিশ্চিত বুলি দাবী কৰে মীৰা বৰঠাকুৰে ৷ গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে আজি দুধনৈত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যলয় এটি মুকলি কৰি এইবেলি বিজেপি দলৰ পৰা গুৱাহাটীৰ আসনখন হস্তগত কৰিব বুলি দাবী কৰে। বিজেপিৰ সাংসদগৰাকীয়ে যোৱা পাঁচটা বছৰত গুৱাহাটী লোকসভা সমষ্টিত ৰাইজৰ হকে কোনো কাম নকৰিলে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ প্রাৰ্থীগৰাকীয়ে। কংগ্ৰেছৰ নিৰ্বাচনী সভাত মীৰা বৰঠাকুৰে কয় যে ৫নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰা জয়ী হোৱাটো ১০০% নিশ্চিত ৷ লগতে তেওঁ কয়- অসমত কংগ্ৰেছ দলে দহখনতকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰে। ইপিনে, কংগ্ৰেছ নেতা আব্দুল খালেকে কংগ্ৰেছ ত্যাগ কৰা সম্পৰ্কে মীৰা বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত কয়- ৰঙা চকু দেখুৱাই দলত থকাতকৈ আঁতৰি যোৱাই ভাল ৷ কংগ্ৰেছৰ পৰা যিসকলে এতিয়ালৈকে বিজেপিত যোগ দিছে, সেইসকলে নিজৰ স্বাৰ্থৰ বাবেহে গৈছে। তেওঁলোকৰ দলৰ প্ৰতি আনুগত্য নাই। ইপিনে, লোকসভাৰ কংগ্ৰেছৰ প্রাৰ্থীগৰাকীয়ে যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈক আহ্বান জনায় যে নিজৰ ভোটটো বিজেপিক দিয়ক আৰু পৰিয়ালৰ ভোটবিলাক কংগ্ৰেছক দি গৌৰৱ গগৈক জয়যুক্ত কৰক । সংসদত নিবোকা এগৰাকী সাংসদ থকাতকৈ মাত মাতিব পৰা এজন সাংসদ লাগে বুলি তেওঁ উল্লেখ কৰে। সংবাদ মেলত মীৰা বৰঠাকুৰে লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক কটাক্ষ কৰি কয় যে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে এটি টিভি চেনেলৰ সাক্ষাৎকাৰত কৈছিল যে গুৱাহাটী সমষ্টিত উন্নয়ন কৰিব লগা একো নাই, ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোৰে উন্নয়ন কৰিছে, ৰাইজে মোক উন্নয়নৰ কথা কোনেও কোৱা নাই। এই কথাৰ প্ৰত্যুত্তৰত মীৰা বৰঠাকুৰে কয়- “ঘৰৰ পৰা ওলাই ফ্লাইঅভাৰৰ ওপৰেৰে গৈ বাজপেয়ী ভৱন আৰু তাৰ পৰা ফ্লাইঅভাৰেৰে ঘৰ পায়, ৰাইজৰ সমস্যাৰ বুজ ল’বলৈ হ’লে ফ্লাইঅভাৰৰ তলৰ ৰাস্তাৰে যাতায়াত কৰিব লাগে, মইতো তলৰ ৰাস্তাৰে অহা-যোৱা কৰোঁ, গাঁৱলৈ যাওঁ, দুধনৈ সমষ্টিতে এতিয়াও বহু ৰাস্তা পকী হোৱা নাই । চহৰ এৰি গাঁৱত গ’লেহে বিজুলী কলিতা মেধিয়ে ৰাইজৰ সমস্যা দেখিব বুলি কটাক্ষ কৰে মীৰা বৰঠাকুৰে । আজি কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা উপলক্ষে অনুষ্ঠিত হোৱা সভাত দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী প্ৰণয় ৰাভা, প্ৰাক্তন বিধায়ক দেৱেন দৈমাৰীৰ লগতে কেইবাগৰাকী কংগ্ৰেছ নেতাৰ উপৰি বহু দলীয় কৰ্মী উপস্থিত থাকে। সভাৰ অন্তত দলীয় নেতা-কৰ্মীৰ সৈতে নিৰ্বাচন সম্পৰ্কে আলোচনাত মিলিত হয়।
প্ৰেৰক বেনজিন বড়ো