🔹 শোকাৱহ পথ দুৰ্ঘটনাত অকাল বিয়োগ শিল্পীগৰাকীৰ
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ : ৰং-তুলিকা এৰি অজান পৃথিৱীলৈ গমন কৰিলে বিশিষ্ট চিত্ৰশিল্পী তথা এগৰাকী সফল ডিজাইনাৰ সমীৰণ পাঠকে। কালি নিশা টিহু–হাৰিভাংগা পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় বিশিষ্ট চিত্ৰশিল্পী সমীৰণ পাঠক (৫৭)। প্ৰাপ্ত তথ্য মতে, বিশিষ্ট চিত্ৰশিল্পী সমীৰণ পাঠকে টিহুৰ পৰা হাৰিভাংগাৰ দিশে নিজৰ AS-01 FF-9154 নম্বৰৰ মাৰুতি ইগনিছ বাহনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় বাহনখনৰ চালক সমীৰণ পাঠক। টিহুৰ নান্নাট্টাৰী নিবাসী তথা ৰাজ্যৰ এগৰাকী পৰিচিত চিত্ৰশিল্পী সমীৰণ পাঠকে টিহু হাইস্কুলৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ চাৰুকলা কলেজত ফাইন আৰ্টছত নামভৰ্তি কৰে। ইয়াৰ পাছত তেওঁ বৰোদা বিশ্ববিদ্যালয়ৰ পৰা ফাইন আৰ্টছত উচ্চ শিক্ষা গ্ৰহণ কৰে। গুৱাহাটীৰ এক্সক্লুছিভ এডভাৰ্টাইজিং প্ৰাইভেড লিমিটেডৰ উচ্চ পদত কৰ্মৰত পাঠকে ব্যতিক্ৰমী চিন্তাৰে সজাইছিল চৰকাৰী-বেচৰকাৰী সজাগতামূলক বিজ্ঞাপন, ভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ আলোচনী, গ্ৰন্থ আদিৰ বেটুপাত, তোৰণ আদি । ইপিনে, নিজৰ ওপজা ঠাই টিহুৰ প্ৰায়বোৰ সামাজিক অনুষ্ঠানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল প্ৰখ্যাত চিত্ৰশিল্পীগৰাকী। সেই দিশৰ পৰা ঐতিহ্যমণ্ডিত টিহু টাউন ক্লাব আৰু নাটচ’ৰাৰ অন্যতম সদস্য পাঠক আছিল পাঠক । সদ্য সমাপ্ত টিহু কলেজৰ হীৰক জয়ন্তীৰ প্ৰতীকপট, তোৰণ আৰু স্মৃতিগ্ৰন্থৰ বেটুপাত অংকন কৰা শিল্পী পাঠকে টিহু টাউন ক্লাব আৰু নাটচ’ৰাৰ প্ৰতীকপটৰ শিল্পী। কালি নিশা তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পাছতে সমগ্ৰ টিহু অঞ্চল শোকস্তব্ধ হৈ পৰে। আনহাতে, ঘটনাস্থলীত টিহু আৰক্ষী উপস্থিত হৈ পাঠকক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও ইতিমধ্যে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আজি দুপৰীয়া মৰণোত্তৰ পৰীক্ষাৰ পাছত তেওঁৰ নশ্বৰদেহ নলবাৰীৰ পৰা টিহু টাউন ক্লাবৰ কাৰ্য়ালয়লৈ অনা হয়। ইয়াত টিহু ৰাস–দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শংকৰ কুমাৰ দাসে আঁত ধৰা এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত টিহু আঞ্চলিক উন্নয়ন সমিতি, টিহু ৰাস–দুৰ্গা মন্দিৰ পৰিচালনা সমিতি, টিহু টাউন ক্লাব, টিহু নাটচ’ৰা, অসম নাট্য সন্মিলনৰ টিহু শাখা, টিহু নগৰ উন্নয়ন সমিতি, টিহু বাৰোৱাৰী দুৰ্গা পূজা সমিতি, ৰাস মহোৎসৱ সমিতি, অসম গণ পৰিষদ, টিহু ক্ৰীড়া সন্থা, টিহু মহকুমা ৰিপ’ৰ্টাথ এছোচিয়েচন, টিহু সাহিত্য সভা, টিহু মহকুমা সাংবাদিক সন্থা, টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদ, টিহু চেম্বাৰ্ছ অৱ কমাৰ্চ, টিহু শাখা লেখিকা সমাৰোহ সমিতি, টিহু মহাবিদ্যালয়, সদৌ নলবাৰী জিলা সাংবাদিক সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, হিন্দু জাগৰণ অসমৰ টিহু মণ্ডল, টিহু কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি, টিহু পৌৰসভা, নলবাৰী জিলা সাহিত্য সভাকে ধৰি ভালেসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ হেমন্তৰাজ তালুকদাৰে চিত্ৰশিল্পীগৰাকীৰ স্মৃতি সুৱঁৰি আৱেগিক হৈ পৰে। ইয়াৰ পাছতে বিশিষ্ট চিত্ৰশিল্পী পাঠকৰ প্ৰাণহীন দেহ লৈ যোৱা হয় তেওঁৰ নান্নট্টাৰীত থকা বাসগৃহলৈ। বাসগৃহত উপস্থিত হোৱাৰ লগে লগে চৌদিশে কান্দোনৰ ৰোল উঠে। বিয়লি অগণন গুণমুগ্ধৰ উপস্থিতিত ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি এগৰাকী পুত্ৰ, এগৰাকী কন্যা সন্তানসহ বহুতো আত্মীয়-স্বজনক এৰি থৈ যায়। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পাঠকৰ আকস্মিক মৃত্যুত স্বাভাৱিকতে দিশহাৰা হৈ পৰিছে তেওঁৰ পৰিয়ালটো। এইক্ষেত্ৰত চৰকাৰক পৰিয়ালটোক সহায়-সহযোগ কৰিবলৈ সচেতন মহলে আহ্বান জনাইছে।
প্ৰেৰক গুণজিৎ কলিতা