নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতিক সাক্ষাৎ কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ দিল্লীত চলি থকা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক বৃহস্পতিবাৰে সাক্ষাৎ কৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধিৰ দলে ।

ৰাষ্ট্ৰপতিভৱনত ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰি ছোনিয়া গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগতে প্ৰতিনিধিৰ দলটোৱে এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

ইপিনে স্মাৰকপত্ৰ প্ৰদান কৰি ছোনিয়া গান্ধীয়ে কয় যে- আমি দিল্লীৰ নাগৰিকৰ জীৱন, স্বাধীনতা আৰু সম্পত্তি সুৰক্ষিত ৰাখিবলৈ দাবী জনাইছো । ইয়াৰোপৰি এনে হিংসাত্মক ঘটনাক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পদৰ পৰা অপসাৰণৰো দাবী কৰিছো ।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আৰু সমৰ্থকৰ মাজত সংঘটিত হোৱা এই হিংসাত মৃত্যু হোৱা লোকৰ সংখ্যা এই পৰ্যন্ত ৩৪ গৰাকীলৈ বৃদ্ধি পাইছে ।

You might also like