নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়েলমীৰ ব্রেণ্ড এম্বেছাডৰ নিযুক্ত অভিনেতা ছলমান খান

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ স্মার্টফোন নিৰ্মাতা কোম্পানী ৰিয়েলমীয়ে বলীউডৰ জনপ্রিয় নেতা ছলমান খানক কোম্পানীটোৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে৷ কোম্পানীটোৱে বুধবাৰে এক বিবৃতিযোগে প্রকাশ কৰিছে যে ছলমান খানক ৰিয়েলমী–৬ আৰু ৰিয়েলমী–৬প্রোৰ বাবে ব্রেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে আৰু তেওঁ সেই দুয়োটা স্মার্টফোনৰ প্রচাৰ কৰিব৷ এইক্ষেত্রত অভিনেতাজনে প্রকাশ কৰিছে যে ৰিয়েলমীৰ–৬ শৃংখলাটো যথেষ্ট আকর্ষণীয়৷ তেওঁ প্রকাশ কৰা মতে, এই স্মার্টফোনটো ওপৰত তেওঁৰ যথেষ্ট ভৰসা আছে আৰু গ্রাহকক নিশ্চয় আকর্ষিত কৰিব৷ এই স্মার্টফোনটোৰ মূল্য কোম্পানীটোৱে অহা ৫ মার্চতহে প্রকাশ কৰিব৷

You might also like