নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ বামুণীমৈদামৰ ৰে’লৱে কলনি বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে পদপথ বেদখল কৰি ব্যৱসায় চলোৱাত যাতায়াতৰ ক্ষেত্রত পথচাৰীসকলে চৰম দুর্ভোগ ভুগিছে৷ পদপথৰ লগতে মূল পথৰ একাংশ ঠাই দখল কৰি অসাধু লোকে বজাৰখনত ব্যৱসায় চলাই পৰিৱেশ বিনষ্ট কৰাৰ পিছতো বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ৰে’ল আৰক্ষীৰ একাংশ বিষয়াক নিয়মীয়াকৈ ধন আদায় দি অসাধু ব্যৱসায়ীসকলে ব্যৱসায়ৰ নামত পদপথ বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ বজাৰত একাংশ লোকে জানিবলৈ দিয়া মতে, বামুণীমৈদাম ৰে’লৱে কলনি বজাৰৰ মাজেৰে নিতৌ অর্ধশতাধিক স্কুলবাছ অহা–যোৱা কৰে৷ ৰে’ল চলাচলৰ প্রতি লক্ষ্য ৰাখি কর্মচাৰীয়ে প্রায় আধাঘণ্টাৰ মূৰে মূৰে পথ বন্ধ কৰি দিয়াত পথছোৱাত ব্যাপক যান–জঁটৰ সৃষ্টি হয়৷ যান–জঁটৰ বাবে বজাৰৰ মাজত শ শ যান–বাহন আবদ্ধ হৈ পৰে৷ মূল পথত যান–বাহন আবদ্ধ হৈ থকাত পথচাৰীসকলে দীর্ঘসময় ধৰি অপেক্ষা কৰিবলগীয়া হয়৷ মূল পথত শ শ যান–বাহন আবদ্ধ হৈ থকাৰ বাবে পথচাৰীসকলো আবদ্ধ হৈ পৰে৷ পদপথত ব্যৱসায়ীসকলে বিক্রীৰ বাবে বিভিন্ন সামগ্রী আঁৰি থোৱাৰ বাবে পথচাৰীসকলে যাতায়াতৰ ক্ষেত্রত চৰম দুর্ভোগ ভুগিবলগীয়া হৈছে৷ এইক্ষেত্রত ৰে’ল কর্তৃপক্ষক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনোৱাৰ পিছতো কর্তৃপক্ষই ব্যৱস্থা গ্রহণ কৰা নাই৷