কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ১ এপ্ৰিললৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ দিল্লীৰ সুৰা কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত সকাহ পোৱা নাই মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে। আজি তেওঁৰ বলৱৎকাৰী সঞ্চালকালয় (ইডি)ৰ ৰিমাণ্ড বৃদ্ধি কৰা হৈছে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে ২০২৪ চনৰ ১ এপ্ৰিললৈকে বৃদ্ধি কৰিছে। এতিয়া পৰৱৰ্তী শুনানি ২০২৪ চনৰ ১ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু তাৰ পিছত দুপৰীয়া ২ বজাত তেওঁক আদালতত হাজিৰ কৰা হ’ব। সংবাদ সংস্থা এএনআইৰ মতে, দিল্লীৰ মুখ্যমন্ত্ৰীক ৰিমাণ্ড বিচৰাৰ সময়ত ইডিয়ে জনোৱা মতে, এটা মোবাইল ফোন (অৰবিন্দ কেজৰিৱালৰ পত্নীৰ) তথ্য আহৰণ কৰা হৈছে আৰু বৰ্তমান ইয়াৰ বিশ্লেষণ চলি আছে। কিন্তু ২০২৪ চনৰ ২১ মাৰ্চত দিল্লীৰ মুখ্যমন্ত্ৰীৰ চৌহদৰ পৰা তালাচীৰ সময়ত উদ্ধাৰ হোৱা আন চাৰিটা ডিজিটেল ডিভাইচ (চিএম কেজৰিৱালৰ সৈতে জড়িত)ৰ তথ্য জব্দ কৰা হৈছে। এই তথ্য এতিয়াও উলিয়াব পৰা নাই।