🔹 ধুবুৰীৰ ধৰ্মশালাত আক্ৰমণৰ লক্ষ্য কৰি ল’লে এইউডিএফপ্ৰধানক
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ : ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত আৰু ধুবুৰী টাউন-গ্ৰামীণ ব্লক কংগ্ৰেছৰ সহযোগত ধুবুৰী বিধানসভা সমষ্টিৰ ধৰ্মশালাত আয়োজিত এখন জনসভাৰে লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে ৰকিবুল হুছেইনে। নগাঁওৰ চামগুৰিৰ বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হুছেইনে জনসভাখনত দিয়া ভাষণত ধুবুৰীৰ সৰ্বাংগীণ উন্নয়নৰ হকে এইবাৰ কংগ্ৰেছক সুযোগ দিবলৈ ৰাইজক অনুৰোধ জনায়। ভাষণ প্ৰসংগত ৰাইজৰ অকৃত্ৰিম মৰম-স্নেহ আৰু সঁহাৰিৰ পৰা ইতিমধ্যে ধুবুৰীত পৰিৱৰ্তনৰ বাবে সিদ্ধান্ত লোৱা প্ৰতিফলিত হোৱা বুলি মন্তব্য কৰে তেওঁ। জনসভাখনত ৰকিবুল হুছেইনে ভাষণত মূলতঃ ধুবুৰীৰ তিনিবাৰৰ সাংসদ তথা ধুবুৰী লোকসভা সমষ্টিৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা যায়। জনসভাখনৰ পিছত সাংবাদকক দিয়া সাক্ষাৎকাৰত এইবাৰ ধুবুৰীৰ কোচ ৰাজবংশী লোকসকলে তেওঁক ভোট দিব বুলি দাবী কৰে। সমান্তৰালকৈ ‘কা’ অনাৰ পিছত প্ৰতিগৰাকী স্বাভিমানী হিন্দু বাঙালী ভোটাৰে এইবাৰ কংগ্ৰেছক ভোট দিব বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে আজিৰ এই জনসভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি নিপেন ঠাকুৰীয়া, দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, গোলকগঞ্জৰ বিধায়ক আব্দুল সোৱাহান সৰকাৰ, কংগ্ৰেছৰ বৰ্ষীয়ান নেতা তথা প্ৰাক্তন মন্ত্ৰী নজিবুল ওমৰ, ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান, ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্রী বেবী বেগম, জিলা পৰিষদৰ সদস্য হামিদুৰ ৰহমান, ধুবুৰী জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমান আলকাছকে প্ৰমুখ্য কৰি দলৰ বহু কৰ্মকর্তা উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী