নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ : ৰবি গান্ধী, এডিজি বিএছএফ, এছডিজি মুখ্য কাৰ্যালয় (ইচি) কলকাতাৰ মুখ্য কাৰ্যালয়ৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত ভ্ৰমণ কৰে। উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ শীৰ্ষ বিষয়া এগৰাকীয়ে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণ কৰাটো তাৎপৰ্যপূৰ্ণ বুলিয়েই পৰিগণিত হৈছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে সদৰী কৰা অনুসৰি, ৰবি গান্ধীৰ এই ভ্ৰমণকালত দীনেশ কুমাৰ যাদৱ, আই পি এছ, আই জি Ftr HQ BSF গুৱাহাটী, এন গাংগুলী, কমাণ্ডেণ্ট ই চি কলকাতা আৰু এম খান, 2IC(Ops) Ftr HQ GHTY উপস্থিত আছিল। ধুবুৰীৰ অফিচাৰ ইনষ্টিটিউট ছেক্টৰ উপস্থিত হোৱাৰ লগে লগে ৰবি গান্ধীক এছএইচকিউ ধুবুৰীৰ ডিআইজি আশুতোষ শৰ্মা আৰু ডিআইজি আৰু ধুবুৰী ছেক্টৰৰ কমাণ্ডেন্ট সঞ্জীৱ যোশীয়ে উষ্ম আদৰণি জনায়। ধুবুৰী ভ্ৰমণৰ সময়ত কনফাৰেন্স হল SHQ ধুবুৰীৰ প্ৰেক্ষাগৃহত এখন OPS বৈঠকৰ অধ্যক্ষতা কৰে ৷ সভাখনত আই পি এছ, আই জি Ftr HQ BSF গুৱাহাটীৰ দীনেশ কুমাৰ যাদৱ, ,DIG,Ftr HQ Ghtyৰ কুলৱন্ত ৰায় শৰ্মা, DIG SHQ ধুবুৰী আশুতোষ শৰ্মা, ধুবুৰীৰ ছেক্টৰ কমাণ্ডেণ্ট আৰু ষ্টাফ বিষয়াসকল উপস্থিত আছিল।