নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ পাকিস্তানী নাগৰিকৰ জীৱন ৰক্ষা কৰিলে ভাৰতীয় নৌসেনাই

🔹 ১২ ঘণ্টা অভিযান চলায় টহলদাৰী ৰণতৰী আইএনএছ সুমেধাই

বিশেষ বাৰ্তা, ৩০ মার্চ : আৰব সাগৰত জলদস্যুৰ বিৰুদ্ধে ভাৰতীয় নৌসেনাই সঘনে অভিযান চলাবলগীয়া হৈছে৷ শেহতীয়াকৈ নৌসেনাই অভিযান চলাই ছোমালি জলদস্যুৰ হাতৰ পৰা ইৰানৰ পতাকাবাহী মৎস্যজীৱীৰ নাও ‘আল–কাম্বাৰ ৭৮৬’–ক উদ্ধাৰ কৰাৰ উপৰি নাওখনত থকা ২৩গৰাকী পাকিস্তানী নাগৰিকৰো জীৱন ৰক্ষা কৰিছে৷ সুদীর্ঘ ১২ ঘণ্টা অভিযান চলাই ছোমালি জলদস্যুৰ হাতৰ পৰা নাওখন উদ্ধাৰ কৰাৰ উপৰি পাক নাগৰিকসকলকো উদ্ধাৰ কৰে ভাৰতীয় নৌসেনাই৷ নৌসেনাৰ এগৰাকী বিষয়ববীয়াই সদৰী কৰা অনুসৰি, বৃহস্পতিবাৰে আৰব সাগৰৰ ছোকোট্রা লেটৰ পৰা ৯০ নটিকেল মাইল দক্ষিণ–পশ্চিমত এই নাওখন অপহৰণ কৰাৰ উদ্দেশ্যে তাত উঠি লয় ৯জন সশস্ত্র জলদস্যুৱে৷ অপহৰণৰ খবৰ লাভ কৰাৰ লগে লগে নৌসেনাৰ টহলদাৰী ৰণতৰী আইএনএছ সুমেধাই ঘটনাস্থলীলৈ যাত্রা কৰে৷ কালি পুৱাৰ ভাগত নৌসেনাৰ অভিযানৰ ফলত নাওখন তথা পাকিস্তানী নাগৰিককেইগৰাকী উদ্ধাৰ হয়৷

You might also like