নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহাবিদ্যালয়ত ‘ছাত্ৰ দিৱস’ পালন

বিশেষ বার্তা, ৩১ মাৰ্চ : বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্ম দিৱস উপলক্ষে আজি অসম চৰকাৰৰ নিৰ্দেশ ক্ৰমে নাহৰকটীয়া মহাবিদ্যালয়ত “ছাত্ৰ দিৱস” পালন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয়ৰ আলোচনা কক্ষত অনুষ্ঠিত হোৱা এখন আলোচনা-চক্ৰত বড়ো ছাত্ৰনেতাগৰাকীৰ ৰাজ্য আৰু জাতি আৰু ছাত্ৰ সমাজৰ প্ৰতি যি অৱদান, তাক শ্ৰদ্ধাৰে সুঁৱৰি বৰ্তমান অসমৰ প্ৰেক্ষাপটত তেওঁৰ নীতি-আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত সময়োপযোগী বক্তব্য দাঙি ধৰে বিশিষ্ট শিক্ষাবিদ তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰে। বক্তাগৰাকীয়ে প্ৰতিজন অসমীয়াই নিজৰ কৃষ্টি-সংস্কৃতি, সভ্যতাক নিভাঁজ আৰু অবিকৃত ৰূপত জীয়াই ৰাখিব পাৰিলেহে প্ৰকৃতপক্ষে উপেন্দ্ৰ নাথ ব্ৰহ্মক সন্মান প্ৰদৰ্শন কৰা হ’ব বুলি মন্তব্য কৰি প্ৰতিগৰাকী ছাত্ৰ-ছাত্রীকে উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আদৰ্শৰে মহীয়ান হ’বলৈ আহ্বান জনায়। আনহাতে, বড়ো সমাজৰ স্বপ্নদ্ৰষ্টা ৰূপে স্বীকৃত উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো সমাজক আগবঢ়াই নিবলৈ যি সুস্পষ্ট লক্ষ্য আৰু উদ্দেশ্য স্থিৰ কৰি লৈছিল, সেয়া সুস্থিৰ, সুস্থ আৰু বিকশিত ছাত্ৰ সমাজৰ বাবে অতীব প্ৰয়োজনীয় বুলি নিজ বক্তব্যত মন্তব্য কৰে অনুষ্ঠানটোৰ আনগৰাকী সমল বক্তা শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপিকা জ্যোতিষ্মা মহন্তই। নিজৰ বক্তব্যত অধ্যাপিকাগৰাকীয়ে সমাজ উত্তৰণৰ লগতে বিভিন্ন আন্দোলনত মূল বাৰ্তাবাহক ৰূপে চিহ্নিত হোৱা ছাত্ৰ সমাজে সমাজৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত একত্ৰিতভাৱে শক্তিশালী ৰূপত থিয় দিয়াৰ সময় আহি পৰিছে বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীসকলৰ উপৰি অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like