নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰদান বৰুৱাৰ হৈ ডাঙৰীত নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিল : “ৰাইজে সমাজৰ উত্তৰণৰ বাবে এগৰাকী কৰ্মদক্ষ সক্ৰিয় সাংসদ নিৰ্বাচিত কৰিব লাগে। যিগৰাকী ব্যক্তিয়ে সমাজৰ সৈতে সু-সম্পৰ্ক ৰাখে, সামাজিক উন্নয়নৰ চিন্তা কৰে, ৰাইজৰ সমস্যা বুজলৈ সমাধানৰ চেষ্টা কৰে, সেইগৰাকীয়েই হৈছে প্ৰকৃত জনপ্ৰতিনিধি। আজিৰ ৰাইজ ৰজনৈতিক ভাবে সজাগ। গতিকে এইবাৰ লোকসভা নিৰ্বাচনত ৰাইজে এনে কৰ্মদক্ষ সাংসদক নিৰ্বাচিত কৰি পঠিয়াব বুলি মোৰ দৃঢ় বিশ্বাস।”- এই মন্তব্য কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ’ৰ লগতে আয়ুষ মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ। নিজৰ সমষ্টিৰ নিৰ্বাচনী ব্যস্তাৰ মাজতে আজি সমীপৱৰ্তী ১২নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি উপস্থিত প্ৰায় পাঁচ শহস্ৰাধিক ৰাইজৰ আগত এই বক্তব্য প্ৰদান কৰাৰ লগতে লখিমপুৰ সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদান বৰুৱা এজন অতি কৰ্মদক্ষ ব্যক্তি বুলি উল্লেখ কৰে। বিগত কাৰ্যকলত এই লখিমপুৰ লোকসভা সমষ্টিৰে সাংসদ প্ৰদান বৰুৱাই অতি সক্ৰিয়তাৰে আৰু দক্ষতাৰে সমষ্টি উন্নয়নত ব্ৰতি হোৱা বুলি উল্লেখ কৰি অনাগত দিনতো এই সক্ৰিয়তা আৰু দক্ষতাৰ ধৰা অব্যাহত ৰাখিবলৈ ৰাইজে প্ৰদান বৰুৱাক ভোট প্ৰদান কৰি জয়াই কৰোৱাব লাগে বুলি উপস্থিত ৰাইজক আহ্বান জনাই। সোনোৱাল কছাৰী জনগোষ্ঠীৰ মূল আৰধ্য দেৱতা খ্ৰীং খ্ৰীং বাইথ দেৱতাক প্ৰণিপাত জনাই ভাষণ আৰম্ভ কৰা মন্ত্ৰী সোনোৱালে আজিৰ এই সভাত উপস্থিত ৰাইজৰ আগত ভাৰতীয় জনতা পাৰ্টিৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মুডীৰ বিগত দহ বছৰীয়া কাৰ্যকালত দেশৰ লগতে অসমে অভুতপৰ্ব উন্নয়ন লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। সমগ্ৰ দেশৰ লগতে অসমৰ ৰাস্তা ঘাট, শিক্ষা, স্বাস্থ্য, কৃষি ইত্যাদি ইত্যাদিকে ধৰি সকলো ক্ষেত্ৰতে উন্নয়নে এক গতি লাভ কৰিবলৈ সক্ষম হৈছে বুলি আজিৰ সভাত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। উল্লেখ্য যে বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত কেৱল মাত্ৰ আধাৰশিলাতে দীৰ্ঘদিন ধৰি স্থগিত ৰখা বগীবিল আৰু ড° ভূপেন হাজৰিকা সেতুৱে বিজেপি চৰকাৰ দিনতে পূৰ্ণতা লাভ কৰি উত্তৰ আৰু দক্ষিণ পাৰৰ ৰাইজক যোগাযোগৰ এক নতুন মাত্ৰ প্ৰদান কৰিবলৈ সক্ষম হল বুলি মন্ত্ৰীগৰাকীয়ে আজি উপস্থিত ৰাইজৰ আগত উল্লেখ কৰে। উল্লেখ্য যে, লখিমপুৰ লোকসভা সমষ্টিৰ তথা শদিয়াৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডাঙৰীৰ লাইনা গাঁৱত প্ৰতিবছৰে ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীয়ে তাণ্ডৱ চলাই গঞা ৰাইজক দুৰ্ভোগ ভোগাই আহিছে। এইক্ষেত্ৰতো লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই চৰকাৰক অৱগত কৰোৱাত এই সমস্যাৰো অন্ত পেলাবলৈ ইতিমধ্যেই চৰকাৰ খনে ইতিমধ্যে সকলো প্ৰস্তুতি আৰম্ভ কৰা বুলি উপস্থিত ৰাইজৰ আগত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে জানিবলৈ দিয়ে। সভাৰ শেষত সকলোৰে মংগল কামণাৰ্থে পুনৰ খ্ৰীং খ্ৰীং বাইথ দেৱতাক স্মৰণৰ কৰা লগতে ১৯ এপ্ৰিলৰ দিনা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত বিজেপিক ভোট প্ৰদান কৰি পুনৰ কেন্দ্ৰত বিজেপিৰ চৰকাৰ গঠনৰ অংশীদাৰ হবলৈ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক আহ্বান জনায়। বিজেপিৰ তিনিচুকীয়া জিলাৰ ছৈখোৱা মণ্ডল সক্ৰিয় কৰ্মকৰ্তা তথা সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিপুল সোনোৱালে আটধৰা আজিৰ এই সভাত স্থানীয় শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াই আদৰণি ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ বিশ্বমুখী উন্নয়নৰ দিশে যাত্ৰাৰ কৰাৰ সমান্তৰালভাৱে ৰাজ্যত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতো ৰাইজে বিভিন্ন উন্নয়নমূলক আচনিৰ জৰিয়তে অভূতপূৰ্ব উন্নয়ন লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। আজিৰ এই সভাত সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, কাৰ্যবাহী সদস্য বসন্ত সোনোৱাল, সাধাৰণ সদস্যা দিপ্তী সোনোৱাল, ছৈখোৱা মণ্ডল বিজেপিৰ সভাপতি বিৰাজ সোনোৱাল, সাধাৰণ সম্পাদক ৰাজু দাস, মৰাণ স্বায়ত্ত্বশাসিত পৰিষদৰ অধক্ষ্য ধৰ্মেন্দ্ৰ মৰাণ, চুতিয়া উন্নত পৰিষদৰ উপ-সভাপতি জ্যোতিপ্ৰসাদ চুতিয়াকে ধৰি বহুত সংখ্যক দলীয় কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে দলীয় নিৰ্বাচনী প্ৰচাৰ সভাখন অন্ত পৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সাংবাদিক প্ৰতিনিধিৰ সৈতে ঐতিহাসিক ডিব্ৰু-শদিয়া ৰেলপথৰ সন্দৰ্ভত মতবিনিময়ত মিলিত হয় ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দেশৰ ভিতৰতে দ্বিতীয় আৰু উত্তৰপূৰ্বাঞ্চলৰ প্ৰথমটো ডিব্ৰু-শদিয়া ৰেলপথৰ ইতিহাস বিজড়িত তথ্য সমূহ বিশদভাৱে বুজ লয় ৷ ৰেল প্ৰশাসনে শদিয়া, ডুমডুমা আৰু ডিগবৈ বিধানসভা সমষ্টিৰ মাজেৰে নিৰ্মাণ কৰা ডিব্ৰু-শদিয়া ৰেলপথত দূৰণিবটীয়া দুৰন্ত ৰেলগাড়ী চলোৱাটো দুৰৰে যাত্ৰীবাহী ৰেল চলাচলৰ ব্যৱস্থা বন্ধ কৰি ৰাখিছে বুলি সাংবাদিক প্ৰতিনিধিসকলে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আঙুলিয়াই দিয়ে ৷ ১৮৮১-৮২ চনত নিৰ্মাণ কৰা ডিব্ৰু-শদিয়া ৰেলপথটো ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ জীয়া সাক্ষী বিজড়িত অথচ শদিয়া, ডুমডুমা আৰু ডিগবৈ বিধানসভা সমষ্টিৰ ৰাইজে এই ৰেলপথটোত ৰেল যাতায়তৰ সুবিধা নোপোৱাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে৷ ডিব্ৰু-শদিয়া ৰেলপথত শীঘ্ৰে যাত্ৰীবাহী ৰেল আৰু দুৰণিবটীয়া ৰেল চলাচলৰ ব্যৱস্থা লবলৈ কেন্দ্ৰীয় ৰেল মন্ত্ৰণালয়ক হেঁচা দিব বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সাংবাদিক প্ৰতিনিধিসকলক আশ্বাস প্ৰদান কৰে ।
প্ৰেৰক ঋতুপৰ্ণ সোণোৱাল
You might also like