নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিল : ৰাজ্যৰ চৌদিশে বলিছে এতিয়া লোকসভা নিৰ্বাচনৰ গৰম বতাহ। শাসক-বিৰোধী সকলোৱে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত।তৃতীয় পৰ্যায়ত অনুষ্ঠিত হব লগা বৰপেটা লোক সভা সমষ্টিৰ বাবে এনডিএ মিত্ৰজোটৰ প্ৰাৰ্থী ফণী ভূষণ চৌধুৰীয়েও ব্যাপক হাৰত চলাইছে নিৰ্বাচনী প্ৰচাৰ। নৱগঠিত টিহু বিধানসভা সমষ্টিৰ নাৰায়ণপুৰ মিনি ষ্টেডিয়ামত আজি বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলৰ উদ্যোগত অঞ্চলটোৰ মহিলা সকলক লৈ হিতাধীকাৰী সন্মিলনী অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলাই ফণীভূষণ চৌধুৰীয়ে। ভাষণত ফণীভূষণ চৌধুৰীয়ে কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন হৈছে মুছলমান মানুহৰ মিত্ৰ। আনহাতে,অসমক আটাইতকৈ বেছি সুবিধা প্ৰদান কৰা প্ৰধানমন্ত্ৰীগৰাকী হৈছে নৰেন্দ্ৰ মোদী। সেয়েহে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী পাতিবলৈ এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ ৰাইজে হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ফণীভূষণ চৌধুৰীয়ে। সভাখনত উপস্থিত থাকি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে বিপুল ভোটত জয়লাভ কৰিব। ফণীভূষণ চৌধুৰীযে সংখ্যালঘু ৰাইজক কংগ্ৰেছে কৰা ঘৃণাৰ ৰাজনীতি পৰিহাৰ কৰি বিজেপিয়ে কৰা উন্নয়নৰ ৰাজনীতিত সহযোগ কৰাৰ আহ্বান জনাইছে। লগতে লোকসভা সমষ্টিৰ প্ৰতিজন ৰাইজৰ সুখে দুখে থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সভাখনত ফণীভূষণ চৌধুৰীৰ লগত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ তথা অসম গণ পৰিষদৰ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়ো আগন্তুক নিৰ্বাচনত ফণীভূষণ চৌধুৰীক ভোট দিবলৈ সকলোকে আহ্বান জনায়। আজিৰ সভাখনত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপি আৰু অসম গণ পৰিষদৰ বৰক্ষেত্ৰী সমষ্টি কমিটিৰ কেবাগৰাকী বিষয়ৱবীয়া উপস্থিত থাকে।
প্ৰেৰক প্ৰদীপ কুমাৰ কলিতা