নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈত সৰ্বানন্দ সোণোৱালৰ হৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ‘২০২৬ৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মই দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নহ’লে আপোনালোকে আমাক ভোট দিয়াৰ পৰা বিৰত থাকিব।’ এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে আজি  ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৮৪নং ডিগবৈ বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিং মৌজাৰ বালিজানত এখন বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰতিকুল বতৰকো নেওচি হাজাৰ হাজাৰ লোকৰ সমাৱেশত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ স্বভাৱসুলভ বক্তব্য প্ৰদান কৰি পৰিৱেশ মুখৰিত কৰি তোলে। তেওঁ‌ কাৰো নাম নোলোৱাকে কয় যে ৰেচন কাৰ্ড, অৰুণোদয়, বিনামূলীয়া চাউল, উজ্বলা গেছ, আয়ুষ্মান ভাৰত, লাখটকীয়া বাইদেউ কিম্বা অসম মালাৰ দৰে বৃহৎ আঁ‌চনি সমূহ সেইসকলে দিয়া নাই। বিজেপি চৰকাৰেহে দিছে। ৰেচন কাৰ্ডখনক পিতৃ-মাতৃ অৰ্থাৎ উৎস হিচাপে আখ্যা দি উক্ত কাৰ্ডৰ মাধ্যমেদি চাৰিপ্ৰকাৰৰ আঁ‌চনি লাভ কৰা কাৰ্যক চাৰি সন্তানৰ সতে তুলনা কৰি সুন্দৰভাৱে ৰাইজক বুজাই দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসঙ্গত কয় যে তেওঁ প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বেই পূৰণ কৰা হ’ব। ‘অন্যথা হ’লে আপোনালোকে আমাক ভোট দিয়াৰ পৰা বিৰত থাকিব’ বুলিও তাৎপৰ্যপূৰ্ণ ভাৱে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণৰ পূৰ্বে ডিগবৈৰ বিধায়ক সুৰেন ফুকন আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বক্তব্য দাঙি ধৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণৰ আৰম্ভণিতে দৰ্শক-শ্ৰোতাক যথেষ্ট আমোদ দিয়া পৰিলক্ষিত হ’ল।
প্ৰেৰক ৰবীন মৰাণ
You might also like