নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধীবিহীন অসমত একপক্ষীয় নিৰ্বাচন হ’ব : মন্ত্ৰী অতুল বৰা

🎯উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ এনডিএৰ পক্ষ লবলৈ আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ
নিয়মীয়া বাৰ্তা ৫ এপ্ৰিল : যোৰহাট লোকসভা সমষ্টি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ আজি মাজুলীত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই প্ৰচাৰ কাৰ্য্যত অংশ লয়। পুৱা নিমাতি ঘাটৰ পৰা ফেৰীৰে কমলাবাৰী ঘাটত উপস্থিত হোৱা অগপৰ দুই নেতা তথা মন্ত্ৰীদ্বয়ে মাজুলীৰ গোৱালগাঁৱত অগপৰ মাজুলী বিধানসভা সমষ্টি সমিতিৰ দ্বাৰা আয়োজিত এখন প্ৰচাৰ সভা সম্বোধন কৰে। অসম গণ পৰিষদৰ মাজুলী জিলা সমিতিৰ সভাপতি ফনীধৰ টাহুৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাত প্ৰথমে মন্ত্ৰী তথা অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই চমু ভাষণ ৰাখি কয় যে আমাৰ চৰকাৰে কেৱল প্ৰতিশ্ৰুতি নিদিয়ে। প্ৰতিশ্ৰুতিক যথোচিতভাৱে ৰূপায়ণ কৰে। আমাৰ চৰকাৰে মাজুলীৰ নিৰন্তৰ বিকাশৰ বাবে মনোনিৱেশ কৰি আহিছে। পুৰ্বতে মাজুলীত উদ্ভৱ হোৱা সমস্যাসমূহ আমাৰ চৰকাৰে সমাধান কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে। উন্নয়নৰ এই ধাৰা অব্যাহত ৰাখিবলৈ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা এন ডি এৰ প্ৰক্ষেপিত তপন কুমাৰ গগৈক বিপুল সংখ্যক ভোটত জয়যুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়। ইয়াৰ পিছতেই অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই ভাষণত কয় যে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন তথা সংস্কৃতিৱান। জিলা গঠনৰ পৰা মাজুলীত অভূতপূৰ্ব উন্নয়ন হৈছে। অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰাণকেন্দ্ৰ মাজুলী সমন্বিতে সমগ্ৰ ৰাজ্যখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ আৰু গতিশীল প্ৰচেষ্টাত অভূতপূৰ্ব উন্নয়নৰ সাক্ষী হৈছে। এনডিএ চৰকাৰৰ আঁচনিসমূহে সমাজৰ সকলো শ্ৰেণীৰ লোককে যথেষ্ট উপকৃত কৰিছে। এইবাৰ নিশ্চিতভাৱে আগন্তুক নিৰ্বাচনত মাজুলীবাসীয়ে আকৌ ইয়াৰ প্ৰতিফলন ঘটাব বুলি উল্লেখ কৰে। তেওঁ কয় যে কংগ্ৰেছ এইবাৰ সাংঘাতিক ভাৱে বিপৰ্যয়ৰ সন্মুখীন হ’ব তাত কোনো সন্দেহ নাই। কাৰণ প্ৰত্যেক দিনাই কংগ্ৰেছৰ পৰা কোনোবা নহয় কোনোবা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে। যিটো দলৰ পৰা জনসাধাৰণে আশা কৰিব নোৱাৰা হৈছে। গতিকে ৰাজ্য খনৰ উন্নয়ন বিকাশ হবলৈ হলে আকৌ এবাৰ এনডিএ চৰকাৰ হব লাগিব আৰু নৰেন্দ্ৰ মোদীক দেশৰ আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে পাব লাগিব বুলি উল্লেখ কৰে। ইফালে মাজুলীত উপস্থিত হৈয়েই সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎ কালত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত অভূতপূৰ্ব উন্নয়ন সাধিছে। অসমত বিৰোধী এতিয়া নাই এক নিশকতীয়া অৱস্থাত আছে। আয়ুষ্মান ভাৰত আচনিকে ধৰি বিভিন্ন আচনিৰ প্ৰসংগ টানি মন্ত্ৰী গৰাকীয়ে কয় যে দেশত নোহোৱা আচনিও অসম চৰকাৰে প্ৰৱৰ্তন কৰিছে। সেইবোৰৰ পৰা সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হৈছে আৰু ৰাইজ ৰাজনৈতিক ভাৱে যথেষ্ট সচেতন আৰু ইয়াৰ প্ৰতিফলন ঘটিব বুলি উল্লেখ কৰে। ইফালে অগপৰ বাবে একমাত্ৰ সম্ভাৱনা থকা সমষ্টি বৰপেটাত অগপৰ জয়ী হোৱাৰ সম্ভাৱনা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে বৰপেটাত বিপুল ভোটত অগপ জয়ী হব। তাৰ প্ৰাৰ্থী গৰাকী এগৰাকী যোগ্য আৰু সৰৱৰহী ব্যক্তি। তেওঁৰ ব্যক্তিত্বই আমাক সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰী গৰাকীয়ে ধুবুৰীটো অগপৰ স্থিতি শক্তিশালী বুলি উল্লেখ কৰি বদৰুদ্দিন আজমলৰ জৰা ফুকা ৰাজনীতিয়ে এতিয়া কামত নাহে বুলি উল্লেখ কৰে। এতিয়া অসমত বিৰোধী বুলি একো নাই একপক্ষীয় নিৰ্বাচন হব আৰু মিত্ৰজোটে চৈধ্যখন আসন পাব বুলি উল্লেখ কৰে। ইফালে বৰ্তমান অসমৰ প্ৰায়বোৰ সমষ্টিতে একপ্ৰকাৰে শক্তিশালী ৰূপত থকা বিজেপিয়ে কেৱল মিত্ৰতাৰ বান্ধোনত থকাৰ বাবেই মিত্ৰজোটত ৰখা অগপ দলে নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিবলৈকে অনুষ্ঠিত কৰা আজিৰ নিৰ্বাচনী সভাখনত কেইবাটাও আমোদজনক ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সভাৰ আৰম্ভণিতে অগপৰ জিলাৰ সম্পাদকে সভাত থকা মাজুলীৰ বিধায়ক ভুৱন গামৰ উপাধিয়েই পাহৰি ভুৱন বৰা বুলি সম্বোধন ধৰি শ্লগান দিয়ে। ইফালে দ্বিতীয়তে অগপৰ সভাপতি অতুল বৰাই ভাষণ দি থকাৰ সময়তে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই টোপনি মৰা আৰু সভাৰ মাজ ভাগতে উপস্থিত একাংশ ৰাইজে খাদ্যৰ বাবে হেতাওপৰা কৰাৰ দৃষ্টিকটু দৃশ্যই বিশেষ চৰ্চা লাভ কৰিছে। ইফালে এসময়ৰ আঞ্চলিকতাবাদৰ দুৰ্গ স্বৰূপ মাজুলীত বৰ্তমান এমুঠিমান অগপ কৰ্মীকলৈ অসম চৰকাৰৰ দুগৰাকী মন্ত্ৰীয়ে তপন কুমাৰ গগৈৰ হৈ চলোৱা নিৰ্বাচনী সভাই মিত্ৰজোটক কিধৰণে সহায় কৰিব সেইয়া পৰৱৰ্তী সময়তহে পৰিস্ফুট হব। সভা খনতে বিভিন্ন দলৰ পৰা অহা আৰু সামাজিক কাম-কাজত জড়িত থকা কেইবাগৰাকীও লোকে অগপ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে। সভাত মাজুলীৰ বিধায়ক ভূবন গাম, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, অসম মহিলা পৰিষদৰ জিলা সভাপতি ৰেণুমালা দত্ত, অগপৰ উপ-সভাপতি ব্ৰজেন গামৰ লগতে মিত্ৰজোঁটৰ অন্যান্য বিষয়ববীয়াসকল আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like