কংগ্ৰেছে ৬৫ বছৰে দেশত লুণ্ঠনেৰে প্ৰগতি বিনাশ কৰিছে : ফণীভূষণ
বিশেষ বাৰ্তা, ৯ এপ্ৰিলঃ কংগ্ৰেছ দলটোৱে ৬৫ বছৰে দেশত শাসন চলাই লুণ্ঠন কৰাৰ বাহিৰে দেশৰ কোনো প্ৰগতিৰ চিন্তা নকৰিলে৷ কংগ্ৰেছৰ শাসনকালত দেশৰ প্ৰগতিৰ বিনাশ ঘটিছে৷ সৰ্বসাধাৰণ ৰাইজৰ দুশ-দুৰ্দশাৰ প্ৰতি গুৰুত্ব নিদি নিজৰ পুজি টনকিয়াল কৰিছে ৷ এতিয়া দেশ মাতৃৰ ওপৰত চলোৱা লুণ্ঠনৰ পাপ ভুগিছে ৷ এই মন্তব্য বৰপেটা লোকসভা সমস্টিৰ অগপ-বিজেপিৰ যৌথ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ ৷ আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অধীনস্থ দদৰা, আমিনগাঁও আৰু বংশৰ অগপৰ যৌথ সমিতিৰ নিৰ্বাচনী সভাত ভাগ লৈ ফণীভূষণ চৌধুৰীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ এতিয়া অচল টকা ৷ গতিকে সেই দলক ভোট দি লাভ নাই ৷ বিগত ৩৮ বছৰে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে সমষ্টিটোৰ প্ৰতিটো পৰিয়ালৰ এজন সদস্যৰ দৰে আছো আৰু সুখ-দুখ সকলো সময়তে নিবিড়ভাৱে জড়িত হৈ আছো ৷ সম্প্ৰতি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছে। সেয়েহে বৰপেটা লোকসভা সমস্টিৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালে মোক এজন নিজৰ সদস্য হিচাপে সেৱা কৰাৰ সুবিধা দিব বুলি আশা ৰাখিলোঁ ৷ তেওঁ পুনৰ কয় যে নিৰ্বাচনৰ পিছত নিৰ্বাচিত সাংসদসকলে সমষ্টিটোৰ ভোটাৰ ৰাইজৰ পৰা সততে আতৰি থকা পৰিলক্ষিত হয় ৷ মই নিৰ্বাচিত হলে সেই ধাৰণা সলনি কৰি ৰাইজৰ লগত সুখতো থাকিম আৰু দুখতো থাকিম ৷ তেওঁ কয় যে মোক ভোট দিয়ামানে নৰেন্দ্ৰ মোদীক ভোট দিয়া আৰু নৰেন্দ্ৰ মোদীক ভোট দিয়মানে ভাৰতমাতাক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰাৰ সুযোগ দিয়া ৷ বিজেপি শুৱালকুছি মণ্ডলৰ সভাপতি ধীৰাজ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই অংশগ্ৰহণ কৰি যিসকলে এতিয়াও লুকাই চুৰিকৈ কংগ্ৰেছ কৰি আছে তেওঁলোকে শীঘ্ৰে অগপ অথবা বিজেপিত যোগ দি ৰাষ্ট্ৰ নিৰ্মাণত ভাগ লোৱাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰে৷ হাজো শুৱালকুছি সমষ্টিৰ প্ৰভাৰী জুৰি শৰ্মা বৰদলৈয়ে আদৰণী ভাষণ পাঠ কৰা নিৰ্বাচনী সভাখনত অগপৰ সাধাৰণ সম্পাদক ভূপেন ৰায়, সম্পাদক জয়ন্ত কুমাৰ নাথ, অসম যুৱ পৰিষদৰ সভাপতি ঋষিকেশ শৰ্মা, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক দিগন্ত শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক দলীয় নেতা কৰ্মী উপস্থিত থাকে৷
প্ৰেৰক দিলীপ মেধি