🔹 কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৩ লাখ টকা
নিয়মীয়া বাৰ্তা, ১২ এপ্রিল : মাজবাটৰ চিকাৰীডাংগাত নিশাৰ ভাগত অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে বন বিভাগে । এটা গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত যোৱানিশা মাজবাট আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰ জগদীশ বসুমতাৰী আৰু মাজবাট আঞ্চলিক বন সংমণ্ডলৰ বিট অফিচাৰ মিন্টু বড়োৰ নেতৃত্বত যোৱা এটা দলে চিকাৰীডাংগাৰ বেলচী নালা অঞ্চলত চোৰাং কাঠৰ সন্ধানত অভিযান চলায় । এই অভিযানত ১১৯ কেবি কাঠ ট্ৰেক্টৰৰ সৈতে জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে । অৰুণাচলৰ দিশৰ পৰা ট্ৰেক্টৰেৰে চোৰাংকৈ সৰবৰাহ কৰি থকা অৱস্থাতে বনকৰ্মীৰ দলে এই মূল্যৱান কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৩ লাখ টকা হ’ব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ । এই অবৈধ চোৰাং কাঠ সৰবৰাহত জড়িত লোকসকলে নিশা আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ।
প্ৰেৰক ধীৰেন মহলীয়া