তাজমহলৰ পৰিচ্ছন্নতাক লৈ পাকিস্তানীৰ তাচ্ছিল্য, আদনান স্বামীয়ে দিলে যোগ্য প্রত্যুত্তৰ
বলীউডৰ সংগীতকাৰ তথা গায়ক আদনান স্বামীয়ে সদায়ে যিকোনো বিষয়ক লৈ চর্চাত আহি আছে৷ শেহতীয়াকৈ এইবাৰ চর্চালৈ আহিছে তাজমহলৰ চাফ–চিকুণতাক লৈ৷ তাজমহলৰ পৰিষ্কাৰ–পৰিচ্ছন্ন লৈ ইতিমধ্যে চর্চালৈ আহিছে আদনান স্বামী৷ এইবাৰ তাজমহলৰ পৰিষ্কাৰ–পৰিচ্ছন্ন লৈ পাকিস্তানী টুইটাৰত প্রকাশ পোৱা তথ্যক লৈ আদনান স্বামী সৰৱ হৈ পৰিছে৷ সেই টুইটাৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিষয়েও প্রকাশ কৰা হৈছে৷ দুদিনীয়া ভ্রমণসূচী লৈ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প ভাৰতলৈ আহিছে৷ তেওঁক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আদৰণি জনোৱাৰ বাবে কোনো খুঁত এৰা নাছিল৷ কিন্তু তেনে সময়তে পাকিস্তানৰ এজন লোকে পি এম মোদী আৰু তাজমহলক লৈ টুইটাৰত কটাক্ষ কৰি কিছু কথা প্রকাশ কৰিছিল৷ তাৰ পিছতে সৰৱ হৈ পৰে আদনান স্বামী৷
উক্ত টুইটাৰত কোৱা হৈছিল যে ড’নাল্ড ট্রাম্পক দেখুৱাবলৈয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তাজমহল পৰিষ্কাৰ কৰিছিল৷ আনকি টুইটাৰত ধর্ম সম্পর্কেও লোকজনে আলোচনা কৰিছিল৷ কিন্তু আদনানে উক্ত লোকজনৰ টুইটৰ ৰি–টুইট কৰি লিখিছিল– ‘প্রথমতে তোমাৰ নিজৰ মন পৰিষ্কাৰ কৰি লোৱা৷ নিজৰ চৰিত্র পৰিষ্কাৰ হোৱাৰ পাছতহে তুমি তাজমহল পৰিষ্কাৰ–পৰিচ্ছন্ন বিষয়ে টুইট কৰিবা৷ তাজমহলৰ পৰিষ্কাৰ–পৰিচ্ছন্ন লৈ তুমি জ্বলিব নালাগে৷ সম্ভৱতঃ তুমি যি টুইট কৰিছা, সেই টুইটত দেখা তাজমহল প্রকৃততে আমাৰ ভাৰতত থকা তাজমহল নহয়৷ সেয়া তুমি নিজেই তৈয়াৰ কৰি লোৱাহে তাজমহল৷’