নিয়মীয়া বাৰ্তা, ২ মার্চঃ ঐতিহ্যমণ্ডিত গুৱাহাটী প্রেছ ক্লাবত দেওবাৰে সন্ধিয়া সংঘটিত হ’ল এক অভাৱনীয় পৰিস্থিতি ৷ প্রায় ১৭ বছৰ ধৰি অকর্তৃত্বশীলভাৱে প্রেছ ক্লাবৰ কার্যনির্বাহক কমিটীখনে কার্যনির্বাহ কৰি থকাৰ পাছত অহা ১২ মার্চত অনুষ্ঠিত হ’ব প্রেছ ক্লাবৰ সাধাৰণ নির্বাচন ৷ যোৱা ২০ ফেব্রুৱাৰীত গুৱাহাটীস্থিত একাংশ সাংবাদিকে আয়োজন কৰা গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ সভাই সভাপতি সঞ্জীৱ ফুকন আৰু সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়া নেতৃত্বাধীন কমিটীখনক বে–আইনী ঘোষণা কৰি এখন তদর্থ কমিটী, এখন হিচাপ–নিকাচ নিৰীক্ষণ কমিটী আৰু এখন নির্বাচনী সমিতি গঠন কৰি দিছিল ৷ এই নির্বাচনী সমিতিয়ে সাধাৰণ নির্বাচনৰ দিন ঘোষণা কৰা অনুসৰি দেওবাৰে সমাপ্ত হৈছিল মনোনয়ন–পত্র দাখিলৰ প্রক্রিয়া ৷ সুকলমে এই প্রক্রিয়া সমাপ্ত হোৱাৰ পাছতেই দেওবাৰে সন্ধিয়া গুৱাহাটী প্রেছ ক্লাবত পূর্বৰ সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়াই অকর্তৃত্বশীলভাৱে প্রেছ ক্লাবৰ একাংশ গুৰুত্বপূর্ণ নথি–পত্র আৰু ফাইল জ্বলাই দিয়ে ৷ এই ৰহস্যজনক ঘটনা সংঘটিত হোৱাৰ সময়ত প্রেছ ক্লাব প্রাংগণত উপস্থিত থকা নির্বাচনী কমিটীৰ সদস্যসকলে বিষয়টো বর্তমান প্রেছ ক্লাব পৰিচালনা কৰি থকা তদর্থ কমিটীক অৱগত কৰে ৷
লগে লগে প্রেছ ক্লাবত কমিটীৰ সদস্য জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, মৃণাল তালুকদাৰ, প্রাণজিৎ শইকীয়া আদি উপস্থিত হৈ নির্বাচনী প্রক্রিয়াৰ আইনী তদাৰক কৰি থকা অধিবক্তাৰ সৈতে বিষয়টো আলোচনা কৰে ৷ কমিটীয়ে প্রাক্তন সম্পাদক নৱ ঠাকুৰীয়াক ফাইল–নথি জ্বলোৱা সম্পর্কত কৰা প্রশ্নৰো কোনো সদুত্তৰ দিব নোৱাৰাত তদর্থ কমিটীৰ হৈ সুশান্ত তালুকদাৰ আৰু প্রাণজিৎ শইকীয়াই লতাশিল থানাক বিষয়টো অৱগত কৰি অভিযোগ দাখিল কৰে ৷ লগে লগে লতাশিল থানাৰ ভাৰপ্রাপ্ত বিষয়াকে ধৰি আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু এই ফাইল জ্বলোৱা সম্পর্কত নৱ ঠাকুৰীয়াক সোধা–পোছা কৰে ৷ ঘটনাটো মহানগৰীৰ সংবাদ মাধ্যমত বিয়পি পৰাৰ লগে লগে তীব্র প্রতিক্রিয়া সৃষ্টি হয় ৷
উল্লেখ্য যে গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ সভাই প্রেছ ক্লাবৰ সকলো নথি, ফাইল–পত্র তদর্থ কমিটীৰ জিম্মাত প্রদান কৰাৰ পাছত প্রাক্তন সম্পাদকজনে নিশাৰ এন্ধাৰত ক্লাব চৌহদত প্রৱেশ কৰি কি নথি–পত্র জ্বলাই দিলে, তাক লৈ ব্যাপক ৰহস্য সৃষ্টি হৈছে ৷ বিগত কিছুদিন ধৰি সংবাদ মাধ্যমৰ একাংশ জ্যেষ্ঠ লোকে প্রাক্তন সম্পাদকজনক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লগা বিষয়টোৱেও এতিয়া যথেষ্ট চর্চা লাভ কৰিছে ৷ সাধাৰণ সভাই প্রেছ ক্লাবৰ বিগত ১৭ বছৰৰ হিচাপ–নিকাচ পৰীক্ষাৰ কাৰণে এখন কমিটী গঠন কৰাৰ পাছত প্রাক্তন সম্পাদকজনে এনেদৰে লুকাই–চুৰকৈ ফাইল, নথি–পত্র জ্বলোৱা বিষয়টোৰ সৈতে বৃহৎ বিত্তীয় কেলেংকাৰি জড়িত হৈ আছে নেকি, তাক লৈও প্রশ্ণ উত্থাপন হৈছে ৷ এই সমগ্র বিষয়টোৰ ক্ষেত্রত আৰক্ষীয়ে কি ভূমিকা গ্রহণ কৰে, সেয়া তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে ৷