নিয়মীয়া বার্তা, ২ মার্চঃ সাম্প্রতিক সময়ত অসমৰ ৰাজনৈতিক পথাৰখনত সর্বাধিক চর্চিত বিচক্ষণ ৰাজনীতিবিদ তথা অসম চৰকাৰৰ বিত্ত, গড়কাপ্ঢানী, স্বাস্থ্য–পৰিয়াল কল্যাণ আৰু শিক্ষা বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক জীৱনৰ বিভিন্ন দিশ প্রতিফলিত কৰি উদীয়মান লেখক মৃণাল শর্মাই প্রকাশ কৰি উলিয়াইছে এক তথ্যসমৃদ্ধ ব্যতিক্রমী গ্রন্থ ‘হয়তো চাণক্য’ ৷ অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত মুখ্য কার্যালয়ত নেহা আগৰৱালা প্রেক্ষাগৃহত দেওবাৰে এই গ্রন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ দেওবাৰে পুৱা অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ উন্মোচনী সভাত ৰাজ্যৰ শিক্ষা খণ্ডৰ সৈতে জড়িত কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদৰ সহযোগত গ্রন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে কামৰূপ একাডেমীৰ অৱসৰপ্রাপ্ত অধ্যক্ষ তথা বিশিষ্ট সংস্কৃত পণ্ডিত তিলক চন্দ্র শর্মাই ৷
উন্মোচনী সভাখনত উন্মোচকগৰাকীয়ে বেদৰ শ্লোকৰে ভাষণ আৰম্ভ কৰি তেওঁৰ একালৰ ছাত্র তথা বর্তমানৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শৈক্ষিক আৰু ৰাজনৈতিক জীৱন সন্দর্ভত আলোকপাত কৰে ৷ অনুষ্ঠানত বিশিষ্ট সংস্কৃত পণ্ডিতগৰাকীয়ে ড০ শর্মাৰ সফলতাৰ ক্ষেত্রত সন্তোষ প্রকাশ কৰে ৷ পিতৃ, শিক্ষক আৰু ছাত্রৰ সুমধুৰ সম্পর্কৰ কথা ব্যক্ত কৰি তেওঁ লগতে কয় যে এগৰাকী পিতৃয়ে যেনেকৈ নিজ পুত্রৰ ওচৰত সদায় পৰাজয়বৰণ কৰি অনাবিল আনন্দ লাভ কৰে, ঠিক তেনেদৰে এগৰাকী শিক্ষকে ছাত্রৰ ওচৰত পৰাজয়বৰণ কৰি পৰম তৃপ্তি লাভ কৰে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট সাহিত্যিক তথা ভাষাবিদ ড০ ৰমেশ পাঠকে সাম্প্রতিক সময়ত অসমৰ ভয়াৱহ পৰস্থিতি আৰু অসমীয়া ভাষাৰ সংকট সন্দর্ভত মতামত ব্যক্ত কৰি গভীৰ উদ্বিগ্নতা প্রকাশ কৰে ৷ বিশিষ্ট ভাষাবিদগৰাকীয়ে লগতে অসমত দৈনিক গঢ়ি উঠা আন্দোলনমুখী প্রৱণতা, কর্মহীনতা, অসম আন্দোলন আৰু ভাষা আন্দোলনৰ কিছু কথা ব্যক্ত কৰে ৷ তদুপৰি বিচক্ষণ ৰাজনীতিবিদ ড০ শর্মাৰ জীৱনৰ বিভিন্ন দিশ পৰিস্ফুট বুলি লেখক মৃণাল শর্মাই ৰচনা কৰা গ্রন্থখন এক ব্যতিক্রমী গ্রন্থ বুলি উল্লেখ কৰি গ্রন্থখনে পাঠক সমাজৰ সমাদৰ লাভ কৰিব বুলি মতামত ব্যক্ত কৰে ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য তথা বিশিষ্ট শিক্ষাবিদ ড০ নির্মল কুমাৰ চৌধুৰীয়ে লেখকৰ সাহিত্য–চর্চাৰ শলাগ লৈ লেখক শর্মাৰ তৃতীয় গ্রন্থ ‘হয়তো চাণক্য’ৰ তুলনা যাতে সঠিকভাৱে উপস্থাপন হয়, সেই সন্দর্ভত বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত কটন বিশ্ববিদ্যালয় (কটন কলেজ)ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্রাক্তন অধ্যাপক ড০ সুৰেন্দ্র মোহন মহন্তই নিজৰ ভুল শুধৰণিৰ বাবে বিশিষ্ট লোকৰ জীৱনী তথা আত্মজীৱনীৰ লগতে গ্রন্থ অধ্যয়নৰ প্রয়োজন বুলি মত পোষণ কৰে ৷ সভাত মন্ত্রী ড০ শর্মাৰ দুগৰাকী শিক্ষয়িত্রী ক্রমে বন্দনা ঠাকুৰীয়া আৰু অঞ্জলি শর্মাই একালৰ প্রিয় ছাত্রজনৰ মধুৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে ৷ নৱজিৎ ডেকাই আঁত ধৰা অনুষ্ঠানত লেখক মৃণাল শর্মাই গ্রন্থখন ৰচনাৰ আঁৰৰ ৰহস্য ব্যক্ত কৰি বিচক্ষণ ৰাজনীতিবিদ ড০ শর্মাৰ ৰাজনৈতিক জীৱনৰ বিভিন্ন দিশ গ্রন্থখনত পুংখানুপুংখভাৱে বর্ণনা কৰা বুলি উল্লেখ কৰে ৷ পাঠক সমাজে গ্রন্থখন আঁকোৱালি ল’লে লেখকৰ উদ্দেশ্য সার্থক হ’ব বুলি তেওঁ লগতে কয় ৷ উল্লেখ্য যে চিত্রালয় প্রশাসনে অসমৰ সংগীত, কলা, ৰাজনীতিকে ধৰি বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তিসকলৰ জীৱনৰ ওপৰত আধাৰিত গ্রন্থ প্রকাশ কৰি অসমীয়া সাহিত্য জগতখনলৈ এক বিশেষ বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে ৷