নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত কুঁৱাৰ পৰা মুৰ্গী উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু দুই ভাতৃসহ তিনিজনৰ

বিশেষ বাৰ্তা, ২০ মে’ : এছডিআৰএফ আৰু আৰক্ষীৰ এঘণ্টা অভিযানৰ অন্তত কুঁৱাৰ পৰা উদ্ধাৰ কৰা হ’ল তিনিজনৰ মৃতদেহ। চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ লক্ষীপুৰ ফুলেৰতল টেক্টৰ টিল্লাত। কুঁৱাৰ পৰা এটা মুৰ্গী উদ্ধাৰ কৰিবলৈ গৈ শ্বাসৰুদ্ধ হৈ দুই ভাতৃসহ তিনিজনৰ মৃত্যু হৈছে। চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে কাছাৰৰ লক্ষীপুৰ ফুলেৰতল টেক্টৰ টিল্লাত। মৃত তিনিজনৰ নাম অমিত সেন, মনজিৎ দেব আৰু প্রসনজিৎ দেব৷ ইয়াৰে মনজিৎ দেব আৰু প্রসনজিৎ দেব দুই ভাতৃ। জানিব পৰা মতে, নিশা অঞ্চলটোত থকা এটা পানীৰ কুঁৱাত এটা মুৰ্গী পৰি যায়। আৰু কুঁৱাৰ পৰা এই মুৰ্গী উদ্ধাৰ কৰাৰ বাবে প্ৰথমে কুঁৱাত নামে প্ৰসনজিৎ দেব নামৰ এজন যুৱক। যুৱকজন কুঁলাৰ ভিতৰলৈ গৈ অজ্ঞান হৈ পৰে৷ তাকে প্ৰত্যক্ষ কৰি তেওঁৰ ভাতৃ মনজিৎ দেব ভাতৃক উদ্ধাৰৰ বাবে কুঁৱাত নামি পৰে। মনজিতৰ একেই অৱস্থা, কুঁৱাৰ ভিতৰলৈ যোৱাৰ পাছত অজ্ঞান হৈ ভিতৰত আবদ্ধ হৈ পৰে৷ এই খৱৰটো বিয়পি যোৱাৰ লগে লগে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাস্থলীত ভিৰ কৰে স্থানীয় লোকসকলে। পিছে কুঁৱাৰ ভিতৰত আবদ্ধ দুই ভাতৃক উদ্ধাৰৰ বাবে কুঁৱাত নামি পৰে স্থানীয় অমিত সেন নামৰ এজন যুৱক। কুঁৱাৰ ভিতৰত আবদ্ধ দুই ভাতৃৰ পিতৃ সত্যলাল দেব। কিন্তু দুৰ্ভাগ্যবশতঃ এই দুজনো কুঁৱাৰ ভিতৰত আবদ্ধ হৈ পৰে৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। কুঁৱাত আবদ্ধ হৈ থাকে দুই ভাতৃ মনজিৎ দেব আৰু প্রসনজিৎ দেব সহ স্থানীয় অমিত সেন নামৰ যুবকজন। ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত গৈ উপস্থিত হয় এছডিআৰএফ বাহিনী সহ কাছাৰ আৰক্ষীৰ বিশাল বাহিনী। উপস্থিত হয় কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা। এছডিআৰএফ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কুঁৱাত আবদ্ধ তিনিজনৰ উদ্ধাৰ কাৰ্যত নামি পৰে। মুখত অক্সিজেন লগাই এছডিআৰএফৰ জোৱান সকল আবদ্ধ তিনিজনক উদ্ধাৰৰ বাবে কুঁৱাৰ ভিতৰলৈ নামি পৰে। আৰু প্ৰায় এঘণ্টা চেষ্টাৰ অন্তত কুঁৱাৰ ভিতৰৰ পৰা তিনিজনক উদ্ধাৰ কৰে এছডিআৰএফ বাহিনীয়ে। অচেতন অৱস্থাত তিনি জনক উদ্ধাৰ কৰাৰ পাছত ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজলৈ। মেডিকেল কলেজলৈ লৈ যোৱাৰ পাছত চিকিৎসকে তিনিওকে মৃত বুলি ঘোষণা কৰে। দীৰ্ঘ সময় কুঁৱাত আবদ্ধ হৈ থকাৰ ফলত শ্বাসৰুদ্ধ হৈ তিনিজনৰ মৃত্যু হৈছে বুলি ধাৰণা কৰা হৈছে। ইপিনে, নিশা এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ লক্ষীপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ এটা মুৰ্গী উদ্ধাৰ কৰিবলৈ গৈ দুই ভাতৃ সহ তিনিজনৰ মৃত্যু এনে ঘটনাত মৰ্মাহত সকলো। মৰণোত্তৰ পৰীক্ষাৰ পাছত তিনিগৰাকীৰ মৃতদেহ ঘৰলৈ লৈ অনা হৈছে। মৃতদেহ ঘৰত লৈ অনাৰ পাছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় সমগ্ৰ টেক্টৰ টিল্লা অঞ্চলত। কান্দোনৰ ৰোল উঠে মৃতকৰ পৰিয়ালত। মৃতকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ বাবে টেক্টৰ টিল্লা অঞ্চলত উপস্থিত হয় লক্ষীপুৰ বিধায়ক কৌশিক ৰয়।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like