নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্ধ হাতী ছাফাৰি-ৰিভাৰ ৰাফটিং

নিয়মীয়া বাৰ্তা, ২০ মে’ : বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেশী বিদেশী পৰ্যটকে নাপাব হাতী ছাফাৰী আৰু ৰাফটিং কৰাৰ সুবিধা। কাইলৈৰ পৰা ২০২৩-২৪ বৰ্ষৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্ধ হ’ব হাতী ছাফাৰি আৰু ৰিভাৰ ৰাফ্টিং। এইফালে ৫ জুনৰ পৰা বন্ধ কৰা হব জীপ ছাফাৰি। ইয়াৰ পিছতে দেশী বিদেশী পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ। প্ৰতিকূল বতৰৰ বাবে প্ৰতিবছৰে তিনি মাহৰ বাবে বন্ধ ৰখা হয় মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ। উল্লেখ্য যে এইবেলি মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৪৬ হাজাৰ দেশী পৰ্যটক আৰু ১৬০০ গৰাকী বিদেশী পৰ্যটকে ভ্ৰমণ কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান। ২০২৩-২৪ বৰ্ষটোত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই লাভ কৰে ১ কোটি ২ লাখ টকাৰ ওপৰত ৰাজহ। সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বৃদ্ধি পাইছে জীৱ জন্তুৰ সংখ্যা। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী ভূঞাপাৰা, পানবাৰী আৰু কুকলুং বনাঞ্চলত বাঘ হাতী গঁ‌ড়, মেথনৰ লগতে ভিন্ন প্ৰজাতিৰ জীৱ জন্তু প্ৰত্যক্ষ কৰি আপ্লুত দেশী বিদেশী পৰ্যটক। শেহতীয়াকৈ বাঘ গঁ‌ড় গণনাৰ ফলাফলত পুনৰ জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশাপ্ৰকাশ কৰিছে বাঁ‌হবাৰী বনাঞ্চলিক বিষয়া বাৰিন কুমাৰ বড়োৰ।
প্ৰেৰক লৱ কুমাৰ দাস
You might also like