নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানাহত মুকলি কাজিৰঙাৰ ২ মাইকী গঁড়

নিয়মীয়া বাৰ্তা, ২ মার্চঃ মানাহ ৰাষ্ট্রীয় উদ্যানলৈ পুনৰ স্থানান্তৰ কৰা হ’ল দুটাকৈ মাইকী গঁড় ৷ দেওবাৰে পুৱা মানাহ ৰাষ্ট্রীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলত মুকলি কৰি দিয়া হ’ল কাজিৰঙাৰ পৰা স্থানান্তৰ কৰা দুটা মাইকী গঁড় ৷ ইণ্ডিয়ান ৰাইনো ভিজন ২০২০ নামৰ আঁচনিৰ অধীনত শনিবাৰে কাজিৰঙাৰ পৰা মানাহলৈ বিশেষ বাহনত লৈ অহা হৈছিল গঁড় দুটা ৷ ২০২০ চনক ভিত্তিবর্ষ হিচাপে লৈ ৰাজ্যৰ সাতখন বনাঞ্চলত তিনি হাজাৰ গঁড় বৃদ্ধিৰ লক্ষ্যৰে এই অভিলাষী আঁচনিৰ অধীনত ২০০৮ৰ পৰা ২০১২ চনৰ ভিতৰত ইতিমধ্যে কাজিৰঙা আৰু পবিতৰাৰ পৰা মানাহলৈ স্থানান্তৰ কৰা হৈছিল ১৮টা গঁড় আৰু দেওবাৰে মুকলি কৰা দুটা গঁড়ৰ সৈতে এই আঁচনিৰ অধীনত মুঠ ২০টা গঁড় মানাহলৈ স্থানান্তৰ কৰা হ’ল ৷

ইয়াৰ লগে লগে মানাহত ৪৩লৈ বৃদ্ধি পালে গঁড়ৰ সংখ্যা ৷ আনহাতে পৰৱর্তী সময়ত একেই আঁচনিৰ অধীনত পুনৰ দুটা গঁড় অনা হ’ব মানাহলৈ ৷ গঁড় দুটা মুকলি কৰি দিয়াৰ পূর্বে মংগল কামনাৰে পূজাৰীৰ মন্ত্রোচ্চাৰণৰ মাজেৰে অদৃষ্টৰ ওচৰত প্রার্থনা জনোৱা হয় ৷ বিটিচিৰ বন বিভাগৰ চিএইচডি অনিন্দ স্বর্গীয়াৰীৰ তত্ত্বাৱধানত আজিৰ এই গঁড় মুকলি কার্যসূচীত মানাহ ব্যাঘ্র প্রকল্পৰ সঞ্চালক অমল কুমাৰ শর্মা, উপ–ক্ষেত্র সঞ্চালক ৰঘুনাথ বড়ো প্রমুখ্যে বিশ্ব প্রকৃতি নিধি, ডব্লিউ টি আই, ইণ্টাৰনেচনেল ৰাইনো ফাউণ্ডেচন, মানাহ ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষ, আৰণ্যক আদি বিভিন্ন সংস্থাৰ বিষয়া–কর্মী উপস্থিত থাকে৷ পর্যটকৰ নিৰাপত্তাৰ লগতে গঁড় দুটা সংস্থাপনৰ প্রক্রিয়াটো নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে মানাহ ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই দেওবাৰে পুৱা ৬ বজাৰ পৰা ১২ বজালৈ বন্ধ ৰাখে মানাহ ৰাষ্ট্রীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চল ৷ এই সময়ছোৱাত জীপ ছাফাৰি, হাতী ছাফাৰি সম্পূর্ণৰূপে বন্ধ কৰি দিয়ে মানাহ কর্তৃপক্ষই ৷

You might also like