নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহাৰঘাটত বায়খো উৎসৱ পালন : স্মৃতিগ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৭ মে’ : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত লোহাৰঘাটৰ দেওপানীত আজি বায়খো উৎসৱ উদযাপন কৰা হয় ৷ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও ৰাভা জাতীয় সংগঠনৰ যৌথ উদ্যোগত উক্ত উৎসৱ উদযাপন কৰা হয় ৷ উৎসৱৰ কাৰ্যসূচী অনুসৰি পুৱা আটাইকেইটা জাতীয় সংগঠনৰে পতাকা উত্তোলন কৰা হয় ৷ ইফালে, বিধিগত পূজা-অৰ্চনাৰ উপৰি উক্ত উৎসৱথলীতে স্মৃতিগ্ৰন্থ এখন উন্মোচন কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অশোক নংবাগে ৷ উল্লেখনীয় যে প্রকৃতিয়ে বসন্তৰ পৰশ পাই ন-ৰূপ লোৱাৰ সময়তে প্রকৃতিপ্রেমী কৃষিজীৱী ৰাভা জনগোষ্ঠীয়ে সৰ্বদিশতে ৰাইজৰ কুশল কামনাৰে আয়া বায়খো দেৱীৰ পূজা-অৰ্চনা কৰি আহিছে। সেয়ে অতীতৰ পৰা স্বকীয় পৰম্পৰা অটুট ৰাখি ৰাভাসকলে উক্ত বায়খো পূজাক জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে।

প্ৰেৰক নুৰুল ইছলাম

You might also like