নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰ্ষণ-হত্যাকাণ্ডৰ অভিযুক্তক ফাঁচিৰ দাবীৰে প্ৰতিবাদত কঁপিল দুধনৈৰ ৰাজপথ

নিয়মীয়া বাৰ্তা, ২৭ মে’ : নৃশংস হত্যাৰ বলি হোৱা দুধনৈৰ ভালাপাৰা গাঁৱৰ যুৱক হিৰণ্ময় খাখলাৰীৰ আদ্যশ্ৰাদ্ধৰ দিনটোতেই ধৰ্ষণ আৰু হত্যাকাণ্ডত জৰিত ব্যক্তিক ফাষ্টট্ৰেক আদালতত বিচাৰ আৰু ফাঁচীৰ দাবীত এৱছুৰ উদ্যোগত আজি বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সন্থা, দল- সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাইজৰ ঐক্যবদ্ধ প্ৰতিবাদত কপি উঠিল দুধনৈ চহৰ৷ দুধনৈৰ ভালাপাৰা গাওঁত ৩মে’ত সংঘটিত হৈছিল সমাজক লজ্জানত কৰা এক ধৰ্ষণ কাণ্ড৷ এই ধৰ্ষণ কাণ্ডৰ আচিলা লৈ ভালাপাৰা গাওঁৰ এদল যুৱকৰ লগত ধৰ্ষণকাৰী পৰিয়ালৰ মাজত তৰ্কাতৰ্কি হৈছিল৷ এই ঘটনাত ভালাপাৰা গাওঁৰ হিৰন্ময় খাখলাৰী আৰু আন পাঁচজন লোকক ধৰ্ষণকাৰী পৰিয়ালৰ লোকে গুৰুলা গুৰুলকৈ উপৰ্যুপৰি আক্ৰমণ কৰিছিল৷ এই আক্ৰমণত হিৰন্ময় খাখলাৰী গুৰুত্বৰ ভাবে আহত হৈ গুৱাহাটী জিনআৰচিত এডমিট হব লগা হৈছিল৷ পৰৱৰ্তী সময়ত মৃত্যুৰ সৈতে যুঁজি যুঁজি ১৬ মে’ৰ নিশা মৃত্যুবৰণ কৰিছিল৷ এই ঘটনাই দুধনৈৰ লগতে সমগ্ৰ অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ মৃতকৰ ঘৰলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা সোঁত বৈছিল জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ৷ সকলোৱে একেমুখে এই বৰ্বৰ হত্যাকাণ্ড আৰু ধৰ্ষণ কাণ্ডৰ লগত দোষী সাব্যস্ত হোৱা আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুল অভিযুক্ত ধন আলী তালুকদাৰ, বাহাৰ আলী, ৰহমান আলীৰ ফাঁচীৰ দাবী, শ্বেখৱৰ আলী আৰু পাৰমিনা (ছোনীয়া) বেগমৰ কঠোৰ শাস্তিৰ দাবী উথ্থাপন কৰাৰ লগতে প্ৰয়াত হিৰন্ময় খাখলাৰীৰ পৰিয়াললৈ ২০ লাখ টকা আৰু ধৰ্ষিতা দুগৰাকী নাবালিকাৰ পৰিয়াললৈ ৫ লাখ টকাৰ ক্ষতিপুৰণ বিচাৰি দাবী উথ্থাপন কৰে ৷ আজি ভালাপাৰা গাঁৱত ৰাজহুৱাভাবে আয়োজন কৰা প্ৰয়াত হিৰন্ময় খাখলাৰীৰ আদ্যশ্ৰাদ্ধৰ দিনটোটেই নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় বিশাল প্ৰতিবাদী সভা৷ সমাজসেৱক তুলসীধৰ বড়োয়ে সঞ্চালনা কৰা সভাত এৱছুৰ সভাপতি দ্বীপেন বড়োয়ে উদ্দাত্ত কণ্ঠৰে এই ঘটনা গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে চৰকাৰক আহ্বান জনায় ৷ এৱছুৰ সভাপতি গৰাকীয়ে এই দুখজনক ঘটনা সন্দৰ্ভত অসম চৰকাৰৰ কোনো প্ৰতিনিধিয়ে খবৰ নোলোৱাত দুখ প্ৰকাশ কৰে ৷ এই সভাতে আৰছুৰ সভাপতি মতিলাল বাকছোকে দোষীক ফাঁচী দিয়াৰ বাবে আহ্বান জনায়৷ স্থানীয় বিধায়ক যাদব স্বৰ্গীয়াৰীয়েও দোষীক শাস্তি দিয়াৰ বাবে দাবী জনায়৷ এই প্ৰতিবাদী সভাৰ পিচতেই দুধনৈ ৰাজহ চক্ৰ বিষয়া ৰনন্ময় ভৰদ্বাজৰ জৰিয়তে দোষীৰ শাস্তিৰ দাবী জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা, ডিজিপি আৰু চিফ চেক্ৰেটাৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ ইয়াৰ পিচতেই প্ৰায় চাৰি সহস্ৰাধিক ৰাইজে স্বতঃস্ফুৰ্ত ভাবে দুধনৈ চহৰত বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়৷ প্ৰতিবাদস্থলীলৈ গৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে আৰু চক্ৰ বিষয়াগৰাকীয়ে স্মাৰকপত্ৰ সমূহ আজিয়েই মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু ডিজিপিৰ কাৰ্যালয়ে পাব বুলি প্ৰকাশ কৰে চক্ৰ বিষয়া গৰাকীয়ে৷ “হত্যাকাৰীক ফাচী দিয়ক”, “ধৰ্ষণকাৰীক ফাচী দিয়ক”, “হিৰণ্ময় খাখলাৰীৰ পৰিয়ালক চৰকাৰে ২০ লাখ টকা আৰু নিৰ্যাতনৰ বলি হোৱা দুই নাবালিকাক ৫ টকা ক্ষতিপূৰণ দিয়ক”, “হত্যাকাৰী, ধৰ্ষণকাৰীৰ বিচাৰ ফাষ্টট্ৰেক আদালতত হওক” এই শ্লোগানেৰে উত্তাল হৈ পৰিল দুধনৈৰ ৰাজপথ৷ প্ৰতিবাদী সভাত এৱছু, আৰছু, আছু, আক্ৰাছু, হাজং ছাত্ৰ সন্থা, ট্ৰাইবেল সংঘ, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি, গাৰো ছাত্ৰ সন্থা আসাম জ’ন, ইউবিপিঅ ইউবিপিএফ, হিন্দু জাগৰণ মঞ্চ, বড়ো কেথলিক সমাজ, বড়ো বেপটিষ্ট সমাজ, বড়ো মহিলা কল্যাণ পৰিষদ, ইউনাইটেড ফৰাম অফ, আইচিআইটিচিপি, বড়ো নেচনেল ছাত্ৰ সন্থা, এনডিএফবি, প্ৰাক্তন বি এল টি, বড়ো বাৰদল, বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন,থেকাচু মৌজা সমিতি, দুধনৈ উন্নয়ন কমিটি, দুধনৈ ব্যবসায়ী সন্থা, চিপিএম, অমৰ সংঘ, আদি কৰি বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী সভাত ৷

প্ৰেৰক বেনজিন বড়ো

You might also like