নিয়মীয়া বাৰ্তা, ২৭ মে’ : জয়সাগৰ পুখুৰীৰ পাৰত এটা উদণ্ড চক্ৰই সুৰা-ড্ৰাগছ আৰু অবাধ যৌন লীলাৰ বেহা গঢ়ি তুলাৰ ঘটনাই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই তলাতল ঘৰৰ সন্মুখত মুকলিকৈয়ে সুৰাপান কৰি থকা ৪জনকৈ যুৱক আজি জাতীয় সংগঠনৰ ৰোষত পৰিল৷ বিভিন্ন মাধ্যমযোগে বাৰম্বাৰ জয়সাগৰ পুখুৰী, তলাতল ঘৰ, পশুগড়, ৰংঘৰৰ লগতে ঐতিহাসিক স্থানসমুহৰ আশে-পাশে সুৰাপান-ড্ৰাগছ, নাৰী দেহৰ বেহা নচলাবলৈ জাতীয় সংগ্ৰামী সেনা অসম আৰু সদৌ তাই আহোম ছাত্ৰ সন্থাই সতৰ্ক কৰি থকাৰ সময়তেই আজি দৃষ্টিগোচৰ হ’ল তলাতল ঘৰৰ সমীপত মুকলিকৈয়ে সুৰাপান কৰি থকাৰ ঘটনা৷ জানিব পৰা মতে তলাতল ঘৰৰ গাতে লাগি থকা আহোম যুগৰ গোলা ঘৰৰ সন্মুখত ৪জনকৈ ব্যক্তিয়ে মুকলিকৈয়ে সুৰাপান কৰি হুলস্থুল কৰি আছিল৷ এই কথা জানিব পাৰি বিগত কেইবাটাও দিনৰ পৰা সতৰ্ক দৃষ্টি ৰখা জাতীয় সংগ্ৰামী সেনা অসম নামৰ সংগঠনটোৰ কৰ্মকতাসকল সেই স্থানত উপস্থিত ৪ সুৰাপায়ীক আটক কৰি নিকটৱৰ্তী জয়সাগৰ আৰক্ষীক চমজাই দিয়ে৷ আজি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাই কয় যে ঐতিহাসিক স্থানৰ আশে-পাশে কোনো পক্ষকেই বেআইনী কাৰ্য্যকলাপ চলাবলৈ দিয়া নহব৷ ৰংঘৰ, তলাতল ঘৰ, জয়সাগৰ পুখুৰীৰ লগতে আন আন ঐতিহাসিক সম্পদসমুহ অসমীয়া জাতিৰ গৌৰৱ, সাহসৰ প্ৰতীক ৷ এই সম্পদসমুহৰ বাবেই শিৱসাগৰ জিলাই বিশ্বৰ পৰ্য্যটন মানচিত্ৰত নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে ৷ প্ৰতিদিনেই শ শ দেশী-বিদেশী পৰ্য্যটকৰ আগমন ঘটে শিৱসাগৰলৈ ৷ তেনেস্থলত শিৱসাগৰৰ ঐতিহ্য-মান-সন্মান অক্ষুন্ন ৰক্ষাৰ স্বাৰ্থত জাতীয় সংগ্ৰামী সেনা অসমে এই অৱৈধ, অনৈতিক কাৰ্য্যকলাপ চলোৱা চক্ৰক ৰাইজৰ সহযোগত হাতে লোটে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিবলৈ বাধ্য হব বুলি চিতু বৰুৱাই স্পষ্ট কৰি দিয়ে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান