অসমত লোকসভাত ১২খন আসন লাভ কৰিব বিজেপিয়ে : ভৱেশ কলিতা
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মে’ : ৰাজ্যত সদ্যসমাপ্ত লোকসভা নির্বাচনত বিজেপিয়ে ১২খন আসন লাভ কৰিব৷ আজি এই দাবী পুনৰ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ শাসকীয় দলটোৱে অসমৰ ১৪খন আসনৰ কিমানখন আসন লাভ কৰিব তাক লৈ বিভিন্ন চর্চা–আলোচনা চলি থকাৰ সময়তে ভৱেশ কলিতাই আজি স্পষ্টকৈ কয় যে বিৰোধীয়ে যি দাবীয়েই নকৰক কিয়, বিজেপি আৰু মিত্রদলে এইবাৰ ১২খন আসন লাভ কৰাটো নিশ্চিত৷ ইফালে, প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই ২০১৯ চনতকৈ এইবাৰ কংগ্রেছৰ আসন বৃদ্ধি পাব বুলি কৰা দাবীকো কটাক্ষ কৰি সভাপতি কলিতাই কয় যে চাৰি জুনৰ পাছত কোনে মিঠাই বিলাই, কোনে ফটকা ফুটাই সকলো গম পাব৷ ৪ জুনৰ পাছতেই কাৰ কার্যালয়ত তলা লাগে সেয়াহে লক্ষণীয় হ’ব৷ ইফালে, জ্যেষ্ঠ অধিবক্তা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী কপিল শিৱালে ইভিএমৰ প্রসংগত উত্থাপন কৰা অভিযোগৰ আঁত ধৰি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই ইয়াক সমর্থন জনাই বিষয়টো সন্দর্ভত প্রকাশ কৰা মন্তব্যৰো প্রতিক্রিয়া প্রকাশ কৰি সভাপতি ভৱেশ কলিতাই কয় যে ভূপেন বৰাই কোৱাৰ দৰে যদি ইভিএমত খেলিমেলি হৈছে, তেন্তে আমাৰ সন্দেহ কর্ণাটক, তেলেংগানা, হিমাচল প্রদেশৰ নির্বাচনকলৈও৷ এই ৰাজ্যকেইখনত ইভিএমত খেলিমেলি কৰি কংগ্রেছ জয়ী হ’ল নেকি? আমাৰ সন্দেহ কংগ্রেছে কর্ণাটকত ইভিএমত খেলিমেলি কৰিছে নেকি? যাৰ বাবে আমাৰ প্রার্থীক ৪০–৫০টা ভোটৰ ব্যৱধানত পৰাজয়বৰণ কৰিবলগা হৈছিল৷ ইফালে, ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত কোনোধৰণৰ সংঘাত–কন্দলৰ চলি থকা নাই বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে ৰাজ্যিক বিজেপিত এতিয়া ৫০ লাখতকৈও অধিক কার্যকর্তাই একেলগে কাম কৰি আছে৷ গতিকে কন্দলৰ প্রশ্নই নুঠে৷ উল্লেখ্য যে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই আজি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে এইবাৰ ৰাজ্যত কংগ্রেছৰ আসন বৃদ্ধি হোৱাটো নিশ্চিত৷ আনকি কংগ্রেছে ২০২৬ চনৰ বিধানসভা নির্বাচনক লৈও কিছু আগতীয়াকৈ সাজু হৈছে৷ ইয়াৰ বাবে কংগ্রেছে অহা জুন মাহত দলৰ ভিছন প্রস্তুত কৰিব৷ ভূপেন বৰাৰ এই মন্তব্যকো কটাক্ষ কৰি ভৱেশ কলিতাই কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ ইয়াৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈ আছে৷ ৰাজ্যিক বিজেপি সভাপতিৰ দাবী লোকসভা নির্বাচনৰ পাছতো যদি বিধানসভা নির্বাচন অনুষ্ঠিত কৰে তেতিয়াও ১০০খন আসন লাভ কৰিব বিজেপিয়ে৷ ২০২৬ৰ বিধানসভা নির্বাচনত কংগ্রেছক বিচাৰি পোৱা টান হ’ব৷ প্রতিটো সমষ্টিতে কংগ্রেছৰ প্রার্থী হৰাটো নিশ্চিত৷