মাওবাদীৰ ভাবুকিত পদ্মশ্ৰী ওভতাব ছত্তিশগড়ৰ চিকিৎসক হেমচন্দ্র মাঝিয়ে
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মে’ : অৰণ্যবাসী জনতাক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে পদ্মশ্রী সন্মান প্রদান কৰা হৈছিল আয়ুর্বেদিক চিকিৎসক হেমচন্দ্র মাঝিক৷ ছত্তিশগড়ৰ ঘন অৰণ্যৰে ভৰা প্রত্যন্ত গাঁৱত দীর্ঘদিন ধৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে মাঝিয়ে৷ কিন্তু পদ্মশ্রী সন্মান লোৱাৰ এমাহ পাৰ নৌহওঁতেই মাঝিলৈ আহিছে ভাবুকি৷ মাওবাদীয়ে মাঝিক ভাবুকি প্রদান কৰাৰ পিছত মাঝিয়ে কেন্দ্রীয় চৰকাৰক এই সন্মান ওভতাই দিব বুলি ঘোষণা কৰিছে৷ মাঝিয়ে এই কথা ঘোষণা কৰাৰ লগে লগে ছত্তিশগড় প্রশাসনিক মহলত সৃষ্টি হৈছে চাঞ্চল্য৷ পদ্মশ্রী বঁটা ওভতাই দিয়াৰ প্রসংগত মাঝিয়ে কয় যে মাওবাদীৰ আক্রমণত পৰিয়ালৰ এজন সদস্যক পূর্বেই হেৰুৱাবলগীয়া হৈছে৷ মিছা অভিযোগত কোনো কাৰণ অবিহনেই মাঝিৰ ভতিজাকক হত্যা কৰিছিল মাওবাদীয়ে৷ নতুনকৈ পুনৰ পৰিয়ালৰ অন্য সদস্যক হেৰুৱাব নিবিচাৰে বুলি মাঝিয়ে সাংবাদিকৰ আগত জনাইছে৷ কিন্তু বাৰে বাৰে ভাবুকি আহিছে মাওবাদীৰ৷ এনে পৰিস্থিতিত পদ্মশ্রী সন্মান ওভতাই দিয়াটোৱেই সঠিক সিদ্ধান্ত হ’ব বুলি বিবেচনা কৰিছে মাঝিয়ে৷ উল্লেখনীয় যে কেনেদৰে পদ্মশ্রী সন্মান লাভ কৰিলে বুলি মাঝিক ইতিমধ্যে মাওবাদীয়ে প্রশ্ন কৰিছে৷ স্মর্তব্য যে মাত্র ২০ বছৰ বয়সৰ পৰা একাধিক ৰোগৰ কবিৰাজি চিকিৎসা কৰি আহিছে মাঝিয়ে৷ বিশেষকৈ কর্কট ৰোগৰ চিকিৎসা কৰি আহিছে মাঝিয়ে৷ পৰিয়ালৰ সৈতে শেহতীয়াকৈ আলোচনা কৰাৰ পিছতে পদ্মশ্রী সন্মান চৰকাৰক ওভতাই দিয়াৰ সিদ্ধান্ত লোৱা বুলি মাঝিয়ে সংবাদ মাধ্যমক জনাইছে৷ উল্লেখনীয় যে শেহতীয়াকৈ মাঝিৰ বিৰুদ্ধে বিভিন্ন অঞ্চলত মাওবাদীয়ে পোষ্টাৰ ওলমাইছে৷