নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাৰ বিৰুদ্ধে মন্তব্য নকৰিবলৈ ৰাহুলক সকীয়নি ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মে’ : ভাৰতীয় সেনাৰ বিৰুদ্ধে ৰাহুল গান্ধীক মন্তব্য নকৰিবলৈ সকীয়নি দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অগ্নিবীৰ আঁচনিক লৈ ৰাহুল গান্ধীয়ে ভাৰতীয় সেনাক কৰা সমালোচনাৰ প্রত্যুত্তৰ দি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অগ্নিবীৰ আঁচনিৰ জৰিয়তে প্রথমতে ভাৰতীয় সেনাত চাকৰি কৰাৰ পিছত ৰাজ্যিক আৰক্ষীত বা আন কোনো কর্প’ৰেটকে ধৰি য’তে–ত’তে কাম কৰিব পাৰে৷ দেশৰ যুৱচামে অগ্নিবীৰ আঁচনি পছন্দ কৰিছে৷ তাৰ বাবে লাখ লাখ যুৱকে অগ্নিবীৰৰ বাবে সাক্ষাৎকাৰত অৱতীর্ণ হৈছে৷ ৰাহুল গান্ধীয়ে সেনা হ’ব পাৰিব নে অগ্নিবীৰ হ’ব পাৰিব নে আন কিবা কাম কৰি খাব পাৰিব? তেওঁ মাকৰ বোজা৷ ভাৰতৰ মানুহে ৰাহুল গান্ধীক কোনো সুবিধা নিদিয়ে৷ হিমাচল প্রদেশলৈ গৈ ৰাহুল গান্ধীয়ে মিছা কথা কৈ চৰকাৰ কৰিলে৷ ৰাহুল গান্ধী মিছা কথাৰ চর্দাৰ৷ ৰাহুল গান্ধীক ভাৰতীয় সেনাৰ বিষয়ে মন্তব্য নকৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাহুল গান্ধীয়ে বাৰে বাৰে ভাৰতীয় সেনাৰ বিৰুদ্ধে মন্তব্য কৰি দেশদ্রোহৰ কাম কৰিছে৷ ৰাহুল গান্ধীক এনে নকৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই সকীয়নি দিয়ে৷ পাকিস্তান, চীন আমাৰ শত্রু বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই ভাৰতীয় সেনাবাহিনীক সমালোচনা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷

You might also like