নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ মজিয়াত ক’ৰোনা ভাইৰাছ আৰু কেঞ্চাৰ ৰোধৰ বিধান দিলে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই । গো-মূত্ৰ আৰু গৰুৰ গোৱৰৰ সহায়ত ক’ৰোনা ভাইৰাছ ৰোধ কৰিব পাৰিব বুলি বিধাানসভাত বক্তব্য প্ৰদান কৰে বিধায়িকাগৰাকীয়ে ।
পৰৱৰ্তী সময়ত সাংবাদিকৰ আগতো একেই ধৰণৰ বক্তব্য ৰাখে বিধায়িকা সুমন হৰিপ্ৰিয়াই । গুজৰাটৰ এখন আয়ুৰ্বেদিক হাস্পতালৰ প্ৰসংগ উত্থাপন কৰি সুমন হৰিপ্ৰিয়াই কয় যে, এই হাস্পতালখনত কেঞ্চাৰ ৰোগীসকলক গোমূত্ৰ ব্যৱহাৰ কৰি এক পঞ্চামৃত তৈয়াৰ কৰি খুওৱাৰ লগতে গৰুৰ মাজত থাকিবলৈ দিয়া হয় । গতিকে তেনে ক্ষেত্ৰত বিশ্বত ভয়াৱহ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ ৰোধৰ বাবেও গৰুৰ গোৱৰ আৰু মূত্ৰক লৈ পৰীক্ষা-নিৰীক্ষা চলি আছে বুলি কয় সুমন হৰিপ্ৰিয়াই ।
উল্লেখ্য যে, সুমন হৰিপ্ৰিয়াই পুৰণি সাধু-সন্ন্যাসীৰ কথা উল্লেখ কৰি গোৱৰৰ পৰা ওলোৱা ধোঁৱাই বহু দূৰ দূৰণি পৰিৱেশ মুক্ত কৰি ৰখা বুলি উল্লেখ কৰে । লগতে তুলসী পাতৰ পৰা ডায়েবেটিছ ৰোধৰ প্ৰসংগও উল্লেখ কৰে বিধায়িকাগৰাকীয়ে ।