নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ জুনঃ নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ বিভিন্ন নিৰ্মাণকাৰ্য্যসমূহৰ খতিয়ান লোৱাৰ উদ্দেশ্যে শ্ৰীশ্ৰী হৰিমন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত হয় এক পৰ্যালোচনা সভা। মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সভাপতিত্বত আজি সন্ধিয়া অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত শ্ৰীশ্ৰী হৰি মন্দিৰৰ উন্নয়ন সন্দৰ্ভত বিভিন্ন আলোচনা কৰা হয়। সভাৰ শেষত মন্দিৰত চলি থকা বিভিন্ন নির্মাণকার্যসমূহ পৰিদৰ্শন কৰা হয় ৷
প্ৰেৰক শ্বাহ আলম আহমেদ