নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুণ বৰাৰ বিৰুদ্ধে ছোনিয়াক অভিযোগ তপ্ন পৰিয়ালৰ

নিয়মীয়া বার্তা, ৩ মার্চঃ চাহ জনগোষ্ঠীয় নেতা ডেনিয়েল তপ্ন হত্যাকাণ্ডক লৈ পুনৰ বিপদৰ সন্মুখীন হ’ব পাৰে অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা৷ বহুচর্চিত হত্যাকাণ্ডটোৰ গোচৰ পুনৰ উচ্চ ন্যায়ালয়ৰ মজিয়াত খোল খোৱাৰ সমান্তৰালকৈ বৰাৰ বিৰুদ্ধে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীক অভিযোগ দাখিল কৰিছে তপ্নৰ পৰিয়ালে৷ ৰিপুণ বৰাক নিম্ন আদালতে দোষমুক্ত ঘোষণা কৰি দিয়া ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত চি বি আয়ে তৰা গোচৰ শুনানিৰ বাবে তালিকাভুক্ত হোৱাৰ সময়তে তপ্ন পৰিয়ালে প্রেৰণ কৰা পত্রই তাৎপর্যই বহন কৰিছে৷ গান্ধীলৈ লিখা পত্রখনৰ জৰিয়তে পৰিয়ালবর্গই প্রদেশ কংগ্রেছৰ সভাপতিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়৷

উল্লেখ্য যে ২০০০ চনৰ ২৬ ছেপ্টেম্বৰত চাহ জনজাতিৰ নেতাজনক গহপুৰত নির্মমভাৱে হত্যা কৰা হৈছিল৷ এই হত্যাকাণ্ডত ৰিপুণ বৰা জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ চি বি আয়ে তপ্ন হত্যাকাণ্ডৰ গোচৰত বৰাক অভিযুক্ত কৰিছিল৷ আনকি সেই সময়ত চি বি আইৰ তদন্তকাৰী বিষয়াক ১০ লাখ টকা উৎকোচ প্রদানৰ সময়ত বৰাক হাতে–লোটে গ্রেপ্তাৰ কৰা হৈছিল৷

অৱশ্যে পৰৱর্তী সময়ত সত্র ন্যায়াধীশৰৰ আদালতে বৰাক ডেনিয়েল তপ্ণ হত্যাকাণ্ডৰ গোচৰত তথ্য–প্রমাণৰ অভাৱত দোষমুক্ত ঘোষণা কৰে৷ নিম্ন আদালতৰ এই ৰায়ক প্রত্যাহ্বান জনাই চি বি আয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰে ২৩০/২০১৪ নম্বৰ ফৌজদাৰী পুনৰীক্ষণ আবেদন৷ এই গোচৰটোৰ অন্তিম শুনানি ২০১৪ চনতে অনুষ্ঠিত হৈছিল৷ কিন্তু পুনৰ উচ্চ ন্যায়ালয়ত গোচৰটো শুনানিৰ বাবে তালিকাভুক্ত হৈছে৷ কাইলৈ ন্যায়াধীশ অজিত বৰঠাকুৰৰ আদালতত গোচৰটো শুনানিৰ বাবে তালিকাভুক্ত হৈছে৷

You might also like