নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বাকধাৰা নির্মাণ

কিছুদিনৰ আগতে অভিনেত্রী আৰু ভাৰতীয় জনতা পার্টীৰ নতুন সাংসদ কংগণা ৰাণাৱটক বিমানবন্দৰত সুৰক্ষা কর্মী এগৰাকীয়ে সকলোৰে সন্মুখতে প্রহাৰ কৰা কার্যই এটি আলোডনৰ সৃষ্টি কৰিছিল৷ এটা অস্বাভাৱিক কথাক লৈ হোৱা এই আলোডন এটা স্বাভাৱিক কথা৷ কথাটোৰ লগত দুটা কথা জডিত আছিল– কর্তব্যৰত সুৰক্ষা কর্মী এগৰাকীয়ে এগৰাকী নাগৰিকক এনেদৰে আঘাত কৰিব পাৰেনে? আনহাতে নাগৰিকগৰাকী চেলিব্রিটী হ’ল বুলিয়েই বিমানবন্দৰৰ নিয়ম নামানিব নেকি? তেওঁক বাধ্য কৰাব পৰা ব্যৱস্থা বিমানবন্দৰ কর্তৃপক্ষৰ হাততেই আছিল৷ কিন্তু কথা ইমানতে শেষ নহয়, এই ঘটনা আৰু তাৰ পৰৱর্তী প্রতিক্রিয়াবোৰে এক অশুভ অৱস্থাৰ বতাহ বোৱাই আনিছে৷ বিমানবন্দৰৰ এই ঘটনাৰ সূত্রপাত কেনেদৰে হৈছিল, দুই পক্ষৰ মাজৰ কোন পক্ষই আনপক্ষক উত্তেজিত কৰিছিল, সেইবোৰ কথাৰ সম্পূর্ণ বিচাৰ হোৱাৰ পিছতহে কথাটোৰ বিষয়ে স্পষ্ট মতামত দিব পৰা যায় যদিও কর্মৰত অৱস্থাত থকা সুৰক্ষা কর্মীয়ে নাগৰিকৰ গাত হাত দিয়া অপৰাধত তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হয়৷ ইয়াৰ পিছতে বলীউডৰ সংগীত পৰিচালক বিশাল দদলানীয়ে সুৰক্ষা কর্মীগৰাকীক চাকৰি দিব বুলি ঘোষণা কৰা কথা সংবাদ–পত্রত প্রকাশ পাইছে৷ এখন সংবাদ–পত্রত প্রকাশ পোৱা মতে কংগণা ৰাণাৱটে পঞ্জাবৰ প্রতিবাদী কৃষকক খালীস্তানী বুলি কোৱা কথা সহ্য কৰিব নোৱাৰি সুৰক্ষা কর্মীগৰাকীয়ে কংগণা ৰাণাৱটক চৰ মাৰিছিল৷ ভাৰতৰ বিভিন্ন ঠাইৰ মানুহে সুৰক্ষা কর্মীগৰাকীক সমর্থন কৰিছে আৰু সেই সমর্থনৰ মূল কাৰণ আচলতে মোদীৰ বিৰোধিতা৷ প্রধানমন্ত্রী হোৱাৰ পিছৰেই পৰা মোদীৰ বিৰুদ্ধে প্রচাৰৰ এক বাকধাৰা নির্মাণ কৰা হৈছিল আৰু সেই বাকধাৰাই বিভিন্ন ৰূপেৰে নিজৰ গতি আগবঢ়াই নি আছে৷ কংগণা ৰাণাৱট মোদীৰ সমর্থক, তেওঁৰ দলৰ এমপি৷ গতিকে, কংগণাক কৰা আক্রমণ মোদীৰ প্রতিয়েই প্রক্ষেপিত৷ সুৰক্ষা কর্মীৰ হাতত অস্ত্রহীন নাগৰিক আক্রান্ত হোৱা কথা আৰু তাক সমর্থন কৰা দলবোৰে এই মোদীবিৰোধী বাকধাৰাৰ শ্রীবৃদ্ধিৰ বাবেই সুৰক্ষা কর্মীগৰাকীৰ পক্ষত থিয় দিছে, অন্ততঃ ছ’চিয়েল মিডিয়াত ব্যক্ত কৰিছে৷
বিশাল দদলানীৰ দৰে জনাজাত লোকে এনে অপৰাধী লোকক জীৱিকাৰ নিশ্চয়তা দিয়াৰ বাবে কৰা ঘোষণাই এটা কথাকে প্রমাণ কৰে যে সমাজবিৰোধী মানসিকতা এটা সমাজত বিকাশ লাভ কৰাটো তেওঁলোকৰ কাম্য৷ সুৰক্ষা কর্মীগৰাকীৰ পক্ষে মাত মতা কংগ্রেছীসকলে পাহৰি গৈছে যে নিৰাপত্তাৰক্ষীৰ হাততেই এদিন ভাৰতৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধী নিহত হৈছিল৷ এই দুয়োটা ঘটনাৰ মাজতো খালীস্তানী উগ্রপন্থীৰ যি প্রসংগই স্থান পাইছে, সেই কথা ৰাষ্ট্রখনৰ বাবে চিন্তাৰ বিষয়৷ তেনে লোকক সমর্থন দিয়াসকলৰ ৰাষ্ট্রবিৰোধী মনোভাব মূলতঃ বিজেপি–মোদীবিৰোধী বাকধাৰাৰ নতুন ৰূপৰ অংগ৷ নির্বাচনৰ আগতে ইলেক্টৰেল বণ্ডৰ কথাই বতাহ গৰম কৰি তুলিছিল৷ বিজেপিয়ে এই বণ্ডৰ যোগেৰে লাভ কৰা প্রায় দুহেজাৰ কোটি টকাৰ কথা এনেকৈ প্রচাৰ কৰা হৈছিল যেন ইলেক্টৰেল বণ্ডৰ সৃষ্টি কৰা হৈছিল বিজেপিৰ বাবেই৷ এই কথাটোক বিভিন্ন ৰাজনৈতিক দলে এনেদৰে পৰিকল্পিতভাৱে প্রচাৰ কৰিছিল যে তাৰ মাজত তৃণমূল কংগ্রেছৰ দৰে মুখ্যতঃ এখন প্রদেশত থকা দল এটাই চাৰে পাঁচশ কোটি টকা পোৱা কথাটো তল পৰি থাকিল৷ এই কথাটোও প্রচাৰেই নহ’ল যে কংগ্রেছ দলেও এই পথেৰেই ধন লাভ কৰিছিল আৰু সর্বভাৰতীয় দল হোৱা সত্ত্বেও কংগ্রেছে পোৱা ধন আছিল তৃণমূল কংগ্রেছৰ তুলনাত কম৷ কি ৰহস্যৰ বলত তৃণমূল কংগ্রেছে সর্বভাৰতীয় প্রাচীন দল কংগ্রেছতকৈও অধিক ধন পাবলৈ সক্ষম হ’ল৷ কিছুমান কথা কৌশলেৰে ঢ়াকি ৰাখি অইন কথা ব্যাপক হাৰত প্রচাৰ কৰি মোদীবিৰোধী যি বিষাক্ত বাকধাৰা নির্মাণ কৰা হৈছে, সেই বাকধাৰাই অকল এটা দলৰেই নহয়, সমগ্র ৰাষ্ট্রৰেই ক্ষতি কৰিব৷ এই বাকধাৰা ইমানেই কৌশলেৰে নির্মাণ কৰা হৈছে যে বুদ্ধিজীৱী–পণ্ডিতেৰে ভৰা কমিউনিষ্ট দলে এইবাৰ মাত্র চাৰিখন আসনহে লাভ কৰিলে, কমিউনিষ্টৰ শাসন চলি থকা ৰাজ্য কেৰালাত এখন আৰু কমিউনিষ্টৰ দুর্গ হিচাপে এসময়ত খ্যাতি অর্জন কৰা পশ্চিমবংগত এখন৷ প্রচাৰ কৰা হৈছিল ৰাম মন্দিৰ নির্মাণ কৰা আযোধ্যাত বিজেপি হাৰিল আৰু তথাকথিত বিপ্লৱীমনৰ নতুন পুৰুষে কথাটিত আনন্দ প্রকাশ কৰিলে৷ কিন্তু কোনেও খবৰ নল’লে যে অযোধ্যা নামৰ সমষ্টি এটাই নাই৷ পৰিকল্পিত বাকধাৰা নির্মাণ ইমানেই কৌশলী৷ ৰাষ্ট্রবিৰোধিতাই যি বাকধাৰাৰ মূল উদ্দেশ্য, তাক বাধা দিয়াটো সকলো সচেতন নাগৰিকৰে কর্তব্য৷

You might also like