নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাগুৰুৱে শিক্ষাৰ লগতে ব্যৱহাৰিক জীৱনৰ দিহা-পৰামৰ্শ দিয়া উচিত : মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ জুনঃ গুৱাহাটীৰ জালুকবাৰী নাগৰিক কমিটীৰ উদ্যোগত আৰু প্রথম প্রয়াস (স্বেচ্ছাসেৱী সংগঠন)ৰ সহযোগত তেতেলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রেক্ষাগৃহত এইবাৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীর্ণ হোৱা ছাত্র–ছাত্রীসকলক বিশেষভাৱে সম্বর্ধনা জনোৱা হয়৷ তেতেলিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী অর্পণা গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্রাক্তন উপ-সভাপতি তথা সুসাহিত্যিক মৃণালিনী দেৱীয়ে ছাত্র-ছাত্রীসকলে প্রথমে পিতৃ–মাতৃসকলক আদিগুৰু হিচাপে মানি শিক্ষাগুৰুসকলক শ্রদ্ধা-ভক্তি কৰিব লাগে বুলি মন্তব্য কৰে৷ তেওঁ ভাষণ প্রসংগত কয়– বিশ্ববৰেণ্য আৰু জ্ঞনী-গুণী, পুৰুষ-নাৰীসকলে স্বীকাৰ কৰে যে শৈশৱকালটো মানৱ জীৱনৰ আটাইতকৈ সুন্দৰ কাল৷ এই কাল অতি মধুৰ, স্বর্গীয় পবিত্রতাৰ এক মধুময় সময়৷ এই মধুময় সুন্দৰ সময়ছোৱাত কোমল মনৰ কণ কণ শিশুসকলক পিতৃ-মাতৃ তথা ঘৰৰ অভিভাৱকসকলে যি ধৰণে যি পৰিৱেশৰ মাজত শিক্ষা-দীক্ষা, নৈতিকতা অথবা ব্যৱহার্য জীৱনৰ বাবে যি শিক্ষা প্রদান কৰে, তাৰ ওপৰত ভিত্তি কৰিয়েই শিশুসকলে জীৱনৰ কণ্টকময় পথেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰে৷ ‘আদর্শ মাতৃ বঁটা’ৰে বিভূষিত মৃণালিনী দেৱীয়ে ভাষণ প্রসংগত অভিভাৱক তথা পিতৃ–মাতৃসকলেও তেওঁলোকৰ সন্তানে শিক্ষাগুৰুসকলৰ প্রতি হৃদয়ত সন্মানীয় স্থান অলংকৃত কৰিব পাৰিছে নে নাই সেই কথালৈ লক্ষ্য কৰিব লাগিব বুলি মন্তব্য কৰে৷ তেওঁ কয় যে শিক্ষা গুৰুসকলে পিতৃ-মাতৃৰ দৰে ছাত্র–ছাত্রীৰ মনত সন্মানীয় স্থান লাভ কৰাটো বাঞ্ছা কৰে৷ কাৰণ শিক্ষকসকল হৈছে সমাজৰ আটাইতকৈ শ্রদ্ধাশীল ব্যক্তি৷ এখন সমাজ, এখন দেশ, এটা জাতি, এখন ৰাষ্ট্র বা এটা নতুন প্রজন্মৰ বাবে তেওঁলোক পথ প্রদর্শক৷ শিক্ষক-শিক্ষয়িত্রীস কণ কণ শিশুহঁতক উপযুক্ত শিক্ষাৰ লগতে ব্যৱহাৰিক জীৱনত খাপ খোৱাকৈ দিহা-পৰামর্শৰে দীক্ষাও প্রদান কৰা উচিত, যাতে ভৱিষ্যতে তেওঁলোক একো একোগৰাকী সু–নাগৰিক হৈ দেশ–ৰাষ্ট্র অথবা সমাজত সু–পৰিৱেশ সৃষ্টি কৰি উন্নতিৰ বাবে চেষ্টা কৰিব পাৰে৷ তেওঁ কয়–বর্তমান জাতীয় জীৱন অথবা শিক্ষা জগতত যি ধ্বংসমুখী কার্যকলাপ, জডতা বা অৱক্ষয় আদি আমি দেখিবলৈ পাইছোঁ, তাৰ বাবে এক সুস্থ সু–পৰিৱেশ সৃষ্টিৰ হেতু দৃঢ় পদক্ষেপ গ্রহণ কৰাটো সু–নাগৰিকসকলৰ এক প্রধান কর্তব্য হোৱা উচিত৷ ছাত্র আৰু শিশুসকল দেশৰ ধৰণী৷ এই কথা ভালদৰে জানিও একাংশ অভিভাৱক তথা পিতৃ–মাতৃয়ে নিজৰ সন্তানটিক নৈতিক মূল্যবোধৰ আদর্শ নেদেখুৱাই অহেতুক মৰম–চেনেহ দেখুৱাই প্রকৃত নৈতিক জ্ঞান লাভৰ পৰা বঞ্চিত কৰা দেখা যায়৷ সম্বর্ধনা সভাত উপস্থিত থাকে প্রথম প্রয়াসৰ সভাপতি আব্দুল চালামউদ্দিন, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভূপতি শর্মা, নাগৰিক কমিটীৰ কার্যকৰী সভাপতি মনোজ কুমাৰ দাস৷ সম্বর্ধনা সভাত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীর্ণ ছয়গৰাকী ছাত্র–ছাত্রীক সম্বর্ধনা জনোৱা হয়৷ সম্বর্ধনা সভাৰ আৰম্ভণিতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি তথা সু–সাহিত্যিক মৃণালিনী দেৱীয়ে বিদ্যালয়ত এটি গছপুলি ৰোপণ কৰে৷ সম্বর্ধনা সভাৰ আঁতধৰে নাগৰিক কমিটীৰ সম্পাদক চাদিক আহমেদে৷

You might also like