নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় ৰাজনীতিত গুৰুত্ব বৃদ্ধি ড০ হিমন্ত বিশ্ব শৰ্মাৰ

🎯বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই অসমৰ পৰা বিজেপিয়ে ৭–৮খন আসন পাব বুলি ভবাৰ বিপৰীতে ড০ শর্মাই উপহাৰ দিলে ১১খন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ জুনঃ সদ্যসমাপ্ত লোকসভা নির্বাচনত অসমত বিজেপি মিত্রজোঁটে সর্বকালৰ সাফল্যক অতিক্রমি চমকপ্রদ ফলাফল প্রদর্শন কৰাৰ লগতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেশজুৰি প্রচাৰ চলোৱা প্রায়বোৰ সমষ্টিতে এনডিএ প্রার্থী জয়ী হোৱাত ৰাষ্ট্রীয় ৰাজনীতিত মুখ্যমন্ত্রী ড০ শর্মাৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ সবল নেতৃত্বত অসমত বিজেপি মিত্রজোঁট অভিলেখসংখ্যক ১১খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয়৷ বিগত চাৰি–পাঁচটা দশকত কোনো দল বা মর্চাই ৰাজ্যখনত এনে সফলতা অর্জন কৰিবলৈ সক্ষম হোৱা নাছিল৷ এই নির্বাচনত মুখ্যমন্ত্রী ড০ শর্মাই দলক সন্মুখৰ পৰা নেতৃত্ব দি এই বিৰল সাফল্য আনিবলৈ সমর্থ হৈছে৷ অসমৰ সাম্প্রতিক সময়ৰ ৰাজনীতিৰ ইতিহাসত ৰাজ্যৰ ১৪খন লোকসভা আসনৰ ১১খনেই দখলৰ এই অভিলেখে মুখ্যমন্ত্রী ড০ শর্মাৰ দক্ষতা আৰু ৰাজনৈতিক বিচক্ষণতাকে প্রত্যক্ষভাৱে প্রতিফলিত কৰিছে৷ এইবাৰ লোকসভা নির্বাচনৰ সময়ছোৱাত মুখ্যমন্ত্রী ড০ শর্মাই অসমত শতাধিক নির্বাচনী সভা আৰু ৰোডশ্ব’ত অংশ লোৱাৰ লগতে দেশৰ অন্যান্য ৰাজ্যতো অর্ধশতাধিক নির্বাচনী সভা আৰু ৰোডশ্ব’ত অংশ লয়৷ নির্বাচনী প্রচাৰকালত মুখ্যমন্ত্রী ড০ শর্মাই মুঠ ১৪৯খন নির্বাচনী সভা, ১৬টা ৰোডশ্ব’ আৰু ৯টা মনোনয়ন পত্র প্রদান কৰা কার্যসূচীত অংশগ্রহণ কৰে৷ অসমৰ উপৰি মুখ্যমন্ত্রী ড০ শর্মাই ওড়িশা, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, দিল্লী, কেৰালা, পঞ্জাব, অৰুণাচল প্রদেশ আদি বহুকেইখন ৰাজ্যত ৪৮খন নির্বাচনী সভা, ৭টা ৰোডশ্ব’কে ধৰি বিভিন্ন নির্বাচনী কার্যসূচীত ভাগ লয়৷ মুখ্যমন্ত্রী ড০ শর্মাই ওড়িশাত ২২খন নির্বাচনী তথা ৰোডশ্ব’, পশ্চিমবংগত ১২খন , বিহাৰত ৫খন, ঝাৰখণ্ডত ৫খন আৰু দিল্লীত চাৰিখন নির্বাচনী সভা তথা ৰোডশ্ব’ত অংশ লয়৷ ওড়িশাত নির্বাচনী প্রচাৰৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাক বিশেষ দায়িত্ব অর্পণ কৰা হৈছিল আৰু ৰাজ্যখনত বিজেপিয়ে লাভ কৰা অভাৱনীয় নির্বাচনী সাফল্যৰ ক্ষেত্রত বিজেপি নেতৃত্বই ড০ শর্মাক বিশেষভাৱে কৃতিত্ব প্রদান কৰিছে৷ ওড়িশাৰ লগতে দিল্লী, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আদিতো মুখ্যমন্ত্রী ড০ শর্মাই প্রচাৰ চলোৱা প্রায়বোৰ সমষ্টিতে বিজেপি তথা এনডিএই বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ এনে পটভূমিত ৰাষ্ট্রীয় ৰাজনৈতিক প্রেক্ষাপটত মুখ্যমন্ত্রী ড০ শর্মাৰ গুৰুত্ব ক্রমাৎ বৃদ্ধি পাইছে৷ বিজেপিৰ কেন্দ্রীয় নেতৃত্বই মুখ্যমন্ত্রী ড০ শর্মাৰ দক্ষতা আৰু বিচক্ষণতা অনুধাৱন কৰিয়েই ৰাষ্ট্রীয় প্রেক্ষাপটত বিভিন্ন ৰণকৌশল আৰু সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত ড০ শর্মাক বিশেষ গুৰুত্ব প্রদান কৰিছে৷ বিশেষকৈ লোকসভা নির্বাচনৰ প্রচাৰ অভিযানত মুখ্যমন্ত্রী ড০ শর্মাই অর্জন কৰা সফলতাৰ পাছত দলৰ কেন্দ্রীয় নেতৃত্বৰ ওচৰত ড০ শর্মাৰ গুৰুত্ব ব্যাপকভাৱে বৃদ্ধি পাইছে৷ এনডিএৰ অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্রীসকলেও অসমৰ মুখ্যমন্ত্রী ড০ শর্মাক নির্বাচনী সাফল্যৰ বাবে হিয়া উজাৰি অভিনন্দন জনোৱা বিষয়টোৱে ৰাষ্ট্রীয় ৰাজনীতিত ড০ শর্মাৰ ক্রমবর্ধিত প্রভাৱ আৰু গুৰুত্বকে প্রতিপন্ন কৰে৷ শেহতীয়াকৈ দিল্লী ভ্রমণৰ সময়ছোৱাত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী একনাথ সিন্দে, মধ্যপ্রদেশৰ মুখ্যমন্ত্রী ড০ মোহন যাদৱ আদিয়ে মুখ্যমন্ত্রী ড০ শর্মাক সাক্ষাৎ কৰি অভিনন্দন জনোৱা বিষয়টোৱে ৰাষ্ট্রীয় ৰাজনৈতিক প্রেক্ষাপটত ড০ শর্মাৰ ক্রমবর্ধিত গুৰুত্বকে প্রতিফলিত কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত তৃতীয়খন চৰকাৰ গঠনৰ ক্ষেত্রতো মুখ্যমন্ত্রী ড০ শর্মাৰ প্রভাৱ আৰু গুৰুত্ব স্পষ্টভাৱে অনুভূত হয়৷ মোদী মন্ত্রীসভাত সর্বানন্দ সোণোৱালৰ অন্তর্ভুক্তি স্বাভাৱিক আৰু প্রত্যাশিত আছিল যদিও কেন্দ্রীয় মন্ত্রীসভাত পৱিত্র মার্ঘেৰিটাৰ অন্তর্ভুক্তিয়ে দিল্লী মহলত মুখ্যমন্ত্রী ড০ শর্মাৰ ক্রমবর্ধিত প্রভাৱৰে স্পষ্ট ইংগিত বহন কৰিছে৷ ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব মার্ঘেৰিটা মুখ্যমন্ত্রী ড০ শর্মাৰ বিশেষ ঘনিষ্ঠ বুলিয়েই পৰিচিত৷ তেনে ক্ষেত্রত কেন্দ্রীয় মন্ত্রীসভাত মার্ঘেৰিটাৰ অন্তর্ভুক্তিয়ে ৰাষ্ট্রীয় ৰাজনীতিত মুখ্যমন্ত্রী ড০ শর্মাৰ বিশেষ ৰাজনৈতিক দক্ষতা আৰু গুৰুত্বকে প্রতিপন্ন কৰিছে৷ ইপিনে, আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই এইবাৰৰ লোকসভা নির্বাচনে দিল্লীত অসমৰ খোপনি অধিক সুদৃঢ় হ’ব বুলি মন্তব্য কৰে৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবাৰৰ কেন্দ্রীয় মন্ত্রীসভাৰ প্রতিগৰাকী সদস্যৰ লগতে তেওঁৰ ব্যক্তিগত সম্পর্ক গঢ় লৈ উঠিছে৷ প্রায়বোৰ ৰাজ্যলৈ নির্বাচনী প্রচাৰত যোৱাৰ বাবেই এই সম্পর্ক গঢ় লৈ উঠে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্যমন্ত্রী জে পি নাড্ডা, বৈদেশিক পৰিক্রমা মন্ত্রী এছ জয়শংকৰ, কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক বাদ দি বর্তমানৰ মন্ত্রীসভাৰ প্রায়বোৰ মন্ত্রীৰ সমষ্টি বা ৰাজ্যলৈ গৈ তেওঁ এইবাৰ নির্বাচনী প্রচাৰ চলায়৷ মন্ত্রী ধর্মেন্দ্র প্রধান, শিৱৰাজ চৌহান, জুৱেল অ’ৰাম, অন্নপূর্ণা দেৱী আদিৰ সমষ্টিত তেওঁ নির্বাচনী প্রচাৰ চলোৱাৰ উপৰি মধ্যপ্রদেশত অৰুণোদয় সদৃশ আঁচনি প্রৱর্তন কৰাৰ ক্ষেত্রতো তেওঁ জড়িত হৈ পৰিছিল৷ সেইসূত্রে এতিয়া তেওঁৰ কেন্দ্রীয় মন্ত্রীসকলৰ সৈতে ঘৰুৱা সম্পর্ক গঢ় লৈ উঠিছে৷ আগতে অসমৰ মুখ্যমন্ত্রী হিচাপে কোনো কেন্দ্রীয় মন্ত্রীক লগ পাব বিচাৰিলে আগতীয়াকৈ এপইণ্টমেণ্ট ল’ব লাগিছিল৷ কিন্তু এতিয়া তেওঁ টেলিফোন এটা কৰিও মন্ত্রীৰ কাষলৈ যাব পৰা হৈছে৷ কেন্দ্রৰ ৰাজ্যিক মন্ত্রীসকলৰ সমষ্টিতো মুখ্যমন্ত্রী ড০ শর্মাই নির্বাচনী প্রচাৰ চলোৱাৰ কথা উল্লেখ কৰি কয় যে পশ্চিমবংগৰ পৰা যি দুগৰাকী ৰাজ্যিক মন্ত্রী হৈছে, তেওঁলোকৰ সমষ্টিতো তেওঁ নির্বাচনী প্রচাৰ চলাইছিল৷ আনহাতে, অসমত এইবাৰ লোকসভাৰ ১১খন আসন এনডিএই লাভ কৰাটো ডাঙৰ সাফল্য বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিজেপিৰ কেন্দ্রীয় নেতৃত্বই ভাবিছিল অসমৰ পৰা ৭–৮খন আসনহে লাভ কৰিব৷ বৰ বেছি ৮–৯খন আসন লাভ কৰিব৷ কাৰণ অসমত ৪০ শতাংশ সংখ্যালঘু ভোটাৰ আছে৷ তৎসত্ত্বেও অসমত বিজেপি মিত্রজোঁটে ১৪খন আসনৰ ভিতৰত ১১খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্বীকৃতি দিছে৷ আনকি তেওঁৰ সৈতে হোৱা কথা–বতৰাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লোকসভা নির্বাচনৰ ফলাফল অনুসৰি বিজেপি মিত্রজোঁটে কিমানসংখ্যক বিধানসভা সমষ্টিত লীড পাইছে সেই বিষয়ে জানিব বিচাৰে৷ তেতিয়া তেওঁ অসমত বিজেপিয়ে ৯৫টা বিধানসভা সমষ্টিত লীড পোৱাৰ বিষয়ে অৱগত কৰে৷ ইফালে, কেন্দ্রীয় মন্ত্রী পৱিত্র মার্ঘেৰিটাক বৈদেশিক পৰিক্রমা দপ্তৰ অর্পণ কৰা সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয়– এক্ট ইষ্ট পলিচী অসমৰ বাবে প্রয়োজনীয়৷ তাৰ বাবে অসমৰ বাবে বৈদেশিক পৰিক্রমা দপ্তৰটো প্রয়োজনীয় আছিল৷ কিন্তু অসমে এনেধৰণৰ দপ্তৰ সাধাৰণতে নাপায়৷ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ দপ্তৰ পূর্বৰ দৰেই একেই থাকিল আৰু পৱিত্র মার্ঘেৰিটাই বৈদেশিক পৰিক্রমা দপ্তৰ লাভ কৰাটো ভাল কথা৷ তদুপৰি পৱিত্র মার্ঘেৰিটাই বস্ত্রশিল্পও লাভ কৰিছে৷ শুৱালকুছিত যিহেতু বস্ত্রশিল্প আছে সেই অনুসৰি ব্যক্তিগতভাৱে মই পৱিত্র মার্ঘেৰিটাৰ দপ্তৰক লৈ যথেষ্ট সুখী৷ অসমে বাংলাদেশ, ভূটান, ম্যানমাৰ, ছিংগাপুৰ, থাইলেণ্ডকে ধৰি দক্ষিণ–পূব এছিয়াক লৈ যি পৰিকল্পনা কৰিছিল, পৱিত্র মার্ঘেৰিটাই বৈদেশিক পৰিক্রমা মন্ত্রী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত আমি এতিয়া সেই দিশত আগুৱাই যাব পাৰিম৷

You might also like