নতুনকৈ এনআৰচি প্রস্তুতৰ চিন্তা কৰা নাই চৰকাৰে
বিধানসভাত মন্ত্রী পাটোৱাৰীৰ ঘোষণাঃ ২০ মার্চৰ পৰা উপলব্ধ নাগৰিকপঞ্জীৰ ৰিজেকচন শ্লিপ
নিয়মীয়া বাৰ্তা, ৩ মার্চঃ উচ্চতম ন্যায়ালয়ৰ নির্দেশক্রমে ইতিমধ্যে অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীতকৰণৰ কাম সম্পন্ন হৈছে ৷ কিন্তু এই এনআৰচিখন বিসংগতিপূর্ণ বুলি অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন দল–সংগঠনে ৷ এনে অৱস্থাত ক্ৰুটিপূর্ণৰূপে গণ্য কৰি এনআৰচিখন বাতিল কৰাৰ লগতে ইয়াক নতুনকৈ কৰাৰ কথা চিন্তা কৰা নাই চৰকাৰে ৷ অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হৈ সোমবাৰে বিধানসভাৰ মজিয়াত এই বিষয়ে সদৰী কৰে মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে ৷ অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ এক প্রশ্নৰ উত্তৰত মন্ত্রী পাটোৱাৰীৰ স্পষ্ট ভাষ্য– ‘এনআৰচিখন নতুনকৈ কৰাৰ কথা বর্তমান চৰকাৰে চিন্তা কৰা নাই৷’ কাম সম্পূর্ণ হোৱাৰ পিছত এনআৰচিখন বর্তমান কি পর্যায়ত আছে, সেই সন্দর্ভত বিধায়ক কলিতাই সোধা প্রশ্নৰ বিপৰীতে মন্ত্রী পাটোৱাৰীৰ উত্তৰ– ‘বর্তমান এনআৰচিৰ বাবে স্পীকিং অর্ডাৰ স্কেনিঙৰ কাম চলি আছে৷ এই কাম সম্পূর্ণ হ’বলৈ বাকী আছে ১২ শতাংশ৷ সম্পূর্ণ হোৱাৰ পিছত ২০ মার্চৰ পৰা ৰিজেকচন শ্লিপ দিয়াৰ বাবে পৰিকল্পনা কৰা হৈছে৷’ অর্থাৎ এনআৰচিত নাম অন্তর্ভুক্ত নোহোৱাসকলে ২০ মার্চৰ পৰা ৰিজেকচন শ্লিপ পাব৷ ইফালে, কংগ্রেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ আন এক প্রশ্ণৰ উত্তৰত মন্ত্রী পাটোৱাৰীয়ে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠিত উচ্চ পর্যায়ৰ সমিতিৰ প্রতিবেদন সন্দর্ভত কয় যে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ ক্ষেত্রত পৰামর্শ আগবঢ়োৱাৰ বাবে কেন্দ্রীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ পর্যায়ৰ সমিতিয়ে তেওঁলোকৰ প্রতিবেদন মুখ্যমন্ত্রীৰ জৰিয়তে কেন্দ্রীয় গৃহ মন্ত্রালয়লৈ প্রেৰণ কৰাৰ বাবে যোৱা ২৫ ফেব্রুৱাৰীত দাখিল কৰা বুলি জনা গৈছে৷ এই প্রতিবেদন অসম চৰকাৰৰ হাতত উপলব্ধ হোৱা নাই৷ অসম চুক্তিৰ কোনো ধাৰাত খিলঞ্জীয়া শব্দৰ উল্লেখ নাই বুলিও মন্ত্রী পাটোৱাৰীয়ে স্পষ্ট কৰি দিয়ে৷ ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ নির্মাণ সম্পর্কীয় বিজেপি বিধায়ক অশোক শর্মাই উত্থাপন কৰা এক প্রশ্ণৰ উত্তৰত গুৰুত্বপূর্ণ তথ্য সদৰী কৰে মন্ত্রী পাটোৱাৰীয়ে৷ তেওঁ প্রকাশ কৰা অনুসৰি, অসম চুক্তি স্বাক্ষৰৰ সময়ত অসম সংলগ্ণ ভাৰত–বাংলাদেশ সীমান্তৰ মুঠ দৈর্ঘ্য প্রায় ২৬৩ কিলোমিটাৰেই উন্মুক্ত হৈ আছিল৷ ২০১৬ চনৰ মে’ মাহৰ পৰা বর্তমানলৈকে কাঁইটীয়া তাঁৰৰ বেৰ দিবলৈ বাকী থকা অংশৰ স্থলভাগৰ ১৩.৩৮ কিলোমিটাৰৰ ভিতৰত ৯.০৩ কিলোমিটাৰ দৈর্ঘ্যত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হৈছে৷ সেইদৰে বিধায়ক নজৰুল হকৰ প্রশ্ণৰ উত্তৰত যোৱা ২৪ ফেব্রুৱাৰীলৈ ডিটেনচন কেম্পৰ পৰা মুঠ ১,৫৮৯জন বিদেশীক মোকলাই দিয়া বুলি মন্ত্রী পাটোৱাৰীয়ে জানিবলৈ দিয়ে৷ এই সন্দর্ভত তেওঁ দিয়া তথ্য মতে, গোৱালপাৰাৰ পৰা ৫১৮জন, কোকৰাঝাৰৰ পৰা ৩৪১জন, শিলচৰৰ পৰা ১৩১জন, ডিব্রুগড়ৰ পৰা ৫৯জন, যোৰহাটৰ পৰা ১৯৬জন আৰু তেজপুৰৰ ডিটেনচন কেম্পৰ পৰা ৩৪৪জন বিদেশীক মোকলাই দিয়া হৈছে৷ তদুপৰি উক্ত ডিটেনচন কেম্পকেইটাত ঘোষিত বিদেশীৰ মুঠ সংখ্যা হ’ল ৬৮০জন ৷