নিয়মীয়া বাৰ্তা, ৩ মার্চঃ নিবনুৱা সমস্যাই ভাৰাক্রান্ত কৰা ৰাজ্যৰ বিভিন্ন বিভাগত এতিয়াও খালী হৈ আছে ৫৭,৮৩৫টা পদ ৷ সোমবাৰে বিধানসভাত কংগ্রেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এক প্রশ্নৰ উত্তৰত সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এই তথ্য দাঙি ধৰে ৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, সর্বাধিক প্রাথমিক শিক্ষা বিভাগত ১৭,১৯২টা পদ আৰু গৃহ বিভাগত ১৪,১৭২টা পদ খালী হৈ আছে ৷ ইয়াৰ লগতে জলসম্পদ বিভাগত ৩,৩৪৭টা, পৰিবহণ বিভাগত ৩,০১৪টা, উচ্চ শিক্ষা বিভাগত ১,৯৩৮টা, পশুপালন আৰু পশু চিকিৎসা বিভাগত ১,৫০২টা, গড়কাপ্ঢানী বিভাগত ১,৭৯৩টা, সাধাৰণ প্রশাসন বিভাগত ১,৩৬০টা, ভৈয়াম জনজাতি আৰু পিছপৰা জাতি কল্যাণ বিভাগত ৬,৮৭৪টা, সমাজ কল্যাণ বিভাগত ৩৬০টা, উদ্যোগ আৰু বাণিজ্য বিভাগত ৬২২, সমবায় বিভাগত ৩৮৬টা, হস্ততাঁত–বস্ত্র আৰু ৰেচম বিভাগত ৬৫৯টা, গুৱাহাটী উন্নয়ন বিভাগত ৫৭১টা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ৭১৯টা, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগত ৪০১টা, ভূমি সংৰক্ষণ বিভাগত ২১০টা, নগৰ উন্নয়ন বিভাগত ৫২৯টা, খাদ্য–সামৰিক যোগান আৰু গ্রাহক পৰিক্রমা বিভাগত ৪৬২টা, কর্মচাৰী বিভাগত ১৭৯টা, তথ্য আৰু জনসংযোগ বিভাগত ৭৭টা পদ খালী হৈ আছে৷ সংসদীয় পৰিক্রমা মন্ত্রী পাটোৱাৰীয়ে প্রকাশ কৰা আন এক তথ্য অনুসৰি প্রাথমিক শিক্ষা বিভাগত সর্বাধিক ৮৭,২৩৬গৰাকী কর্মচাৰী আছে৷ সেইদৰে গৃহ বিভাগত ৬৩,১৪৮গৰাকী কর্মচাৰী আছে৷ জলসম্পদ বিভাগত ৫,১৭৯গৰাকী, পৰিবহণ বিভাগত ৪,৯৬৪গৰাকী, হস্ত্রতাঁত–বস্ত্র–ৰ্ বিভাগত ৩,৯২৫গৰাকী, পশুপালন বিভাগত ৪,৩৪২গৰাকী, উচ্চ শিক্ষা বিভাগত ১১,৯৩৩গৰাকী, ভৈয়াম জনজাতি আৰু পিছপৰা জাতি কল্যাণ বিভাগত ৩৫,৬৩২গৰাকী, সাধাৰণ প্রশাসন বিভাগত ৩,২৫২গৰাকী, গুৱাহাটী উন্নয়ন বিভাগত ১,৩২৯গৰাকী, আবকাৰী বিভাগত ১,১৫৪গৰাকী, কর্মচাৰী (ক) বিভাগত ১,১১০গৰাকী কর্মচাৰী আছে৷ এই কর্মচাৰীসকলৰ বছৰি দৰমহাৰ বাবদ ৰাজকোষৰ পৰা বৃহৎ পৰিমাণৰ ধন ব্যয় হয়৷ ইয়াৰে প্রাথমিক শিক্ষা বিভাগত ৩৮৬,০৮,৪১,১৩০ টকা ব্যয় হয়৷ গৃহ বিভাগত ৩৮১,১৭,৭৭,০৮৩ টকা ব্যয় হয়৷ জলসম্পদ বিভাগত ২০,৭৭,৭৩,০২১ টকা, ভৈয়াম জনজাতি, পিছপৰা জাতি কল্যাণ বিভাগত ১৪৩,৫৯,৭২,১৬৪ টকা ব্যয় হয়৷