নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰংগেশ্বৰীপামত যুৱতীয়ে বাছি ল’লে চৰম পথ

নিয়মীয়া বাৰ্তা, ২২ জুন : নগৰবেৰা থানা আৰু টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰংগেশ্বৰী পামত আজি দুপৰীয়া এগৰাকী যুৱতীয়ে চৰম পথ বাছি লোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্য বিয়পিছে | চৰম পথ বাছি লোৱা যুৱতীগৰাকী গাঁওখনৰ মিয়াৰ আলীৰ কন্যা ছানিয়াৰা আহমেদ। যুৱতীগৰাকী টুপামাৰী বানাত মাদ্ৰাছাৰ ছাত্ৰী বুলি জানিব পৰা গৈছে । যুৱতীগৰাকীয়ে এই পথ কিয় ল’ব লগা হ’ল, সেয়া বাতৰি লিখা পৰলৈকে পোহৰলৈ অহা নাই | গাঁওপ্ৰধান, গাঁওৰক্ষী বাহিনী আৰু পাছলৈ আৰক্ষীক অৱগত কৰা হয় ঘটনা সন্দৰ্ভত | আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ যাৱতীয় দিহা কৰে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like