নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত কেনাৰামক এনকাউণ্টাৰ : কি ক’লে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই

নিয়মীয়া বাৰ্তা, ২৩ জুন : কামৰূপ জিলাৰ বকোত আজি পুৱতি নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপ আৰক্ষীয়ে পুৱতি নিশা বকোৰ লামপাৰাত এজন দুৰ্ধৰ্ষ ডকাইতক লক্ষ্য কৰি গুলীচালনা কৰে। ভৰিত গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী ওৰফে মোটো। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা সময়ত কেনাৰামলৈ গুলীচালনা  আৰক্ষীৰ।গুলীবিদ্ধ কেনাৰাম বসুমতাৰীক আৰক্ষীয়ে প্ৰথমে বকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে কেনাৰামক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আজি বকো আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফণীন্দ্ৰ নাথে এখন সংবাদ মেল আয়োজন কৰি সংবাদ মধ্যমক জনায় যে আজি পুৱা বকোৰ লামপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী ওৰফে মোটো বুলি এজন ডকাইতলৈ দুই জাঁই গুলীচালনা কৰা হয়।দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী ওৰফে মোটোই বকো আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে গুলীবিদ্ধ হয়। অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন থানাত কেনাৰাম বসুমতাৰীৰ বিৰুদ্ধে ৰুজু হৈ আছে বহুকেইটা গোচৰ। তেওঁ লগতে কয় যে শনিবাৰে নিশা কেনাৰামৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি বকো আৰক্ষীৰ এটি দলে তদন্ত চলোৱাৰ বাবে গুৱাহাটী চহৰলৈ লৈ গৈছিলোঁ। আমি তদন্ত চলাই পুৱতি নিশা গুৱাহাটীৰ পৰা বকো অভিমুখে আহি থকা অৱস্থাত বকোৰ লামপাৰাত ধৃত কেনাৰামে বমি লগা বুলি কোৱাত আমি তেওঁক বমি কৰিবলৈ দিয়াত তেওঁ আৰক্ষীৰ হাতৰ পৰা পলাই যাবলৈ চেষ্টা চলায় আৰু আৰক্ষীৰ বন্দুক কাঢ়ি লৈ আৰক্ষীক গুলীয়াম বুলি কোৱাত আমি আত্মৰক্ষাৰ বাবে তেওঁৰ ভৰিত দুই জাঁই গুলীচালনা কৰিব লগা হয়। গুলীচালনাত তেওঁ লগে লগে ঢলি পৰে। আমি তেওঁক ততাতৈয়াকৈ বকো স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰাই পিছলৈ জিএমচিএইচলৈ নি তাত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰাও। দুৰ্ধৰ্ষ ডকাইত কেনাৰামৰ ভৰিত দুটা গুলী লাগিছে আৰু বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ তদন্ত অব্যাহত আছে। উল্লেখ্য যে যোৱা ২১ জুনত বকোৰ শিংৰাত ভাৰতীয় ষ্টেট বেংকৰ লুকী শাখাৰ এটিএম এটা চুৰ কৰিবলৈ লওঁতেই এক গোপন খবৰ লাভ কৰি চোৰৰ চক্ৰ এটাক গ্ৰেপ্তাৰ কৰিছিল এছ টি এফ আৰু কামৰূপ আৰক্ষীয়ে।এছ টি এফৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত বকো আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ নাথ আৰু ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ সহযোগত আৰক্ষীৰ এটা বৃহৎ দলে চলাইছিল এই অভিযান। এই অভিযানত কেনাৰাম বসুমতাৰী ওৰফে মোটো (ওদালগুৰি), মন্টু দাস (বকো), নিৰ্মল দাস আৰু ফজল হক (হাজো) নামৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। এই অভিযানৰ সময়ত এটা .৩২ পিষ্টল, ২টা সক্ৰিয় গুলী, গেছ কাটাৰ, গেছ ভৰ্তি চিলিণ্ডাৰ এটা, বিভিন্ন লোৰ সামগ্ৰী আদি জব্দ কৰাৰ লগতে চুৰি কাৰ্যত ব্যৱহাৰ কৰা এখন মাৰুতি বলেন’ গাড়ী জব্দ কৰিছিল আৰক্ষীয়ে। জব্দকৃত গাড়ীখনৰ নম্বৰ AS-01 EW-9006 বুলি জানিব পৰা গৈছে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like