নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈ মহাবিদ্যালয়লৈ নাকৰ ‘এ’ গ্ৰেড : উৎফুল্লিত দুধনৈবাসী

নিয়মীয়া বাৰ্তা, ২৩ জুন : গোৱালপাৰা জিলা তথা ৰাজ্যখনৰে উচ্চ শিক্ষাৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান দুধনৈ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ (National Assessment and Accreditation Council) চমুকৈ নাক (NAAC)ৰ শেহতীয়া মূল্যায়নত “এ” গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে যোৱা ১২ আৰু ১৩ জুনত NAACৰ এটি দলে দুদিনীয়া কাৰ্যসূচীৰে মহাবিদ্যালয়খন পৰিদৰ্শন কৰি বিভিন্ন ক্ষেত্ৰৰ মূল্যায়ন কৰে। উক্ত দলটিত আছিল গুজৰাট বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰ্জা এ গুপ্তা, মহাৰাষ্ট্ৰৰ শিৱাজী বিশ্ববিদ্যালয়ৰ ড° ৰাজেন্দ্ৰ সনকাৱাডে আৰু আন্না বিশ্ববিদ্যালয়ৰ ড° হানচা লিজেন্দাৰ মেৰী। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় দুধনৈৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ দুধনৈ মহাবিদ্যালয়ত এতিয়ালৈকে হোৱা NAACৰ এয়া তৃতীয় পৰ্যায়ৰ পৰিদৰ্শন। যোৱা ২২ জুনত ঘোষণা কৰা ফলাফলত ৩.০৫ CGPA লাভ কৰি “এ” গ্ৰেড পাবলৈ সক্ষম হোৱা দুধনৈ মহাবিদ্যালয়ৰ সফলতাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে অধ্যক্ষ, শিক্ষক, অনাশিক্ষক-কৰ্মচাৰী, বৰ্তমানৰ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজ। এই সফলতাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে মহাবিদ্যালয়খনৰ লগত জড়িত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে। দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ললিত চন্দ্ৰ ৰাভাই এই কৃতিত্বৰ বাবে মহাবিদ্যালয় পৰিচালনা সমিতি, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ, শিক্ষকবৃন্দ, অনাশিক্ষক-কৰ্মচাৰীবৃন্দ, বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰেৰক বেনজিন বড়ো 

You might also like