নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়াকুছিত দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক

নিয়মীয়া বাৰ্তা, ২৩ জুন : বৰপেটা জিলাৰ কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত ফজু বজাৰত আজি দুই ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে। জানিব পৰা মতে, ভেৰাৰভিটাৰ পৰা বাইকেৰে কয়াকুছিৰ ফজু বজাৰত আহি পোৱাৰ লগে লগে স্থানীয় ৰাইজে আটক কৰি কয়াকুছিৰ আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষীয়ে ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আৰক্ষী চকীলৈ লৈ আহে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা এটা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ, দুটা ম’বাইল ফোনৰ লগতে এখন আৰ-১৫ ডব্লিউ-২৯৮৬ নম্বৰৰ বাইক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে চেঙাৰ বৰভিঠা গাঁৱৰ আছুৰুদ্দিৰ পুত্ৰ মেহেবুল ইছলাম (৩০) আৰু ফজল আলীৰ পুত্ৰ গণি আলী (২৭) বুলি জানিব পৰা গৈছে । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ ঘৰ চেঙাৰ খংৰাত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ড্ৰাগছখিনি ভেৰাৰভিঠাৰ আবু তালেবৰ পৰা অনা বুলি ড্ৰাগছ সৰবৰাহকাৰী মেহেবুল ইছলামে স্বীকাৰোক্তি দিয়ে।

প্ৰেৰক আফতাব হুছেইন

You might also like