নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৃত্যশিল্পী তনভী তৃষ্ণালৈ সৰ্বভাৰতীয় জলপানি

নিয়মীয়া বাৰ্তা, ২৪ জুন : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ে প্রদান কৰা চিচিআৰটিৰ সৰ্বভাৰতীয় জলপানি লাভ কৰিছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ উদীয়মান নৃত্যশিল্পী তনভী তৃষ্ণাই। সমগ্র দেশৰ বিভিন্ন লোকনৃত্যৰ প্ৰসাৰ-প্ৰচাৰ আৰু গৱেষণাৰ বাবে প্রদান কৰি অহা এই জলপানি তনভীয়ে অসমৰ বিহুৰ বাবে লাভ কৰিছে। উল্লেখ্য যে গুৱাহাটীৰ প্রীতিৰেখা আৰ্ট এণ্ড কালচাৰ স্কুলত বহুকেইগৰাকী বিহু বিশেষজ্ঞৰ লগতে গুৱাহাটীৰ লতাশিলৰ বিহু সম্রাজ্ঞী পাহাৰী বৰুৱা আৰু বৰবিহুৱা দীপজ্যোতি হাজৰিকাৰ অধীনত তনভীয়ে বিহুনৃত্যৰ প্রশিক্ষণ লৈ আছে। লগতে ডি ৱাই বিহুৰাণীৰ উপৰি বিভিন্ন মঞ্চত বিহুনৃত্য প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰা তনভী বাইহাটা চাৰিআলিৰ ক্ষুদ্রপলহাৰ বিহুৱা আৰু বিহুৱতী সাগৰ ডেকা (উদ্ধৱ) আৰু চিম্পী ডেকাৰ সন্তান। তনভী তৃষ্ণা মান্দাকাটাৰ চাইন স্কুল অৱ লার্নিঙৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী।

প্ৰেৰক হীৰক ডেকা

You might also like