নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজব কাণ্ড : ভুৱা চিবিআই বুলি তদন্তকাৰী চিবিআইকে গণপ্রহাৰ গঞাৰ

🔹 অৱশেষত নীট–ইউজি কেলেংকাৰিৰ তদন্তৰ দায়িত্ব চিবিআইক

বিশেষ বাৰ্তা, ২৪ জুন : দেশজুৰি আন্দোলন আৰু বিৰোধীৰ চাপত পৰি ‘নীট–ইউজি’ৰ দুর্নীতিৰ তদন্তৰ দায়িত্ব চিবিআইক অর্পণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ চিবিআয়ে ইতিমধ্যে এই কেলেংকাৰি সন্দর্ভত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত৷ এক সূত্রই সদৰী কৰা অনুসৰি ‘নীট’ৰ প্রশ্ণপত্র ফাদিল কাণ্ডত একাধিক ৰাজ্যৰ পৰা দাখিল হোৱা এজাহাৰ, গ্রেপ্তাৰ হোৱা অভিযুক্তসকলক চিবিআয়ে নিজৰ জিম্মাত ল’ব৷ পূর্বেই আৰক্ষীয়ে জেৰা কৰিলেও গ্রেপ্তাৰ হোৱা অভিযুক্তসকলক নতুনকৈ চিবিআয়ে জেৰা কৰিব৷ ইফালে, বিহাৰৰ পিছতে প্রশ্ণপত্র ফাদিল কাণ্ডত মহাৰাষ্ট্রৰ পৰা দুগৰাকী শিক্ষকক আটক কৰিছে ৰাজ্যখনৰ আৰক্ষীয়ে৷ ৰাজ্যখনৰ আৰক্ষীৰ এটিএছে দুয়োগৰাকী শিক্ষকক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ ইফালে, ‘নীট’ পৰীক্ষাৰ কেলেংকাৰিক লৈ বিৰোধীৰ চাপৰ মুখত পৰি পৰহিয়েই এক উচ্চ পর্যায়ৰ কমিটী গঠন কৰিছে কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে৷ নেচনেল টেষ্টিং এজেঞ্চীৰ যাৱতীয় কার্যক্রম আৰু কামৰ পদ্ধতি পর্যালোচনা কৰিব এই কমিটীয়ে৷ দেশজুৰি ‘নীট–ইউজি’ৰ কেলেংকাৰিক লৈ অব্যাহত আছে উত্তাল প্রতিবাদ৷ ইয়াৰ মাজতে কালি আক্রান্ত হ’বলগীয়া হ’ল চিবিআইৰ তদন্তকাৰী বিষয়া৷ পশ্চিমবংগৰ পিছত এইবাৰ বিহাৰত কেন্দ্রীয় সংস্থাটোৰ বিষয়াক প্রহাৰ কৰে গঞাই৷ আনকি চিবিআইৰ গাড়ীও ভাঙি দিয়ে উন্মত্ত জনতাই৷ এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ স্থানীয় আৰক্ষীৰ সহযোগিতাত চিবিআইৰ ওপৰত আক্রমণ চলোৱা ৪ অভিযুক্তক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে৷ ‘নীট’ৰ কেলেংকাৰি তদন্তৰ দায়িত্ব পোৱাৰ পিছতে কালি কেন্দ্রীয় সংস্থাটোৱে আৰম্ভ কৰে অভিযান৷ এটা গোচৰৰ তদন্তত নামি ম’বাইল টাৱাৰৰ লোকেচনৰ সূত্র ধৰি পুৱা ১০ বজাত বিহাৰৰ নাৱাডা জিলাৰ ৰাজৌলিত উপস্থিত হয় তদন্তকাৰী বিষয়াসকল৷ ৰাজৌলিৰ কাচিয়াৰী গাঁৱত চিবিআইৰ বিষয়াসকলে তদন্ত আৰম্ভ কৰাৰ সময়তে উত্তেজিত গাঁওবাসীয়ে আহি আক্রমণ চলায়৷ চিবিআইৰ বিষয়াসকলৰ ওপৰত চলে গণপ্রহাৰ৷ তাৎক্ষণিকভাৱে চিবিআইৰ তৰফৰ পৰা ৰাজৌলি থানাত খবৰ দিয়া হয়৷ তাৰ পৰাই বিশাল আৰক্ষী বাহিনীয়ে আহি ক্ষুব্ধ গাঁওবাসীক শান্ত কৰে৷ গাঁৱৰ বাসিন্দাসকলে দাবী কৰা অনুসৰি ভুৱা বিষয়া বুলি সন্দেহ কৰিয়েই এই আক্রমণ চলোৱা হয়৷ অৱশ্যে ইয়াৰ পিছতো ম’বাইল লোকেচনৰ সূত্র ধৰিয়েই দুটা ম’বাইল ফোন বাজেয়াপ্ত কৰে চিবিআইৰ বিষয়াই৷ ‘নীট’ৰ প্রশ্ণ ফাদিলত জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰো কৰা হয় দুই অভিযুক্তক৷ উল্লেখনীয় যে চিবিআইৰ ওপৰত আক্রমণৰ ঘটনা সন্দর্ভত ২০০গৰাকী অজ্ঞাত পৰিচয়ৰ ব্যক্তিৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ এই ঘটনাত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলিও আৰক্ষীৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷ লক্ষণীয়ভাৱে যিসকল ‘নীট’ পৰীক্ষার্থীয়ে গ্রেচ মার্ক লৈ পৰীক্ষাত উত্তীর্ণ হৈছিল, সেই পৰীক্ষার্থীসকলক পৰীক্ষাত বহাৰ নির্দেশ দিছিল উচ্চতম ন্যায়ালয়ে৷ কিন্তু নতুনকৈ কালি পৰীক্ষা দিবলৈ আহিল মাত্র ৫২ শতাংশ পৰীক্ষার্থীহে৷

You might also like