নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদত গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বিভূষণ ডেকাক বিশেষ জুৰী বঁটা

🎯 ভাৰতীয় উদ্যোগীকৰণ বিকাশ প্ৰতিষ্ঠানৰ বিশেষ জুৰী বঁটা

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ৰাজ্যখনৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান নলবাৰীৰ বৰমুৰিকোণাস্থিত ‘গ্ৰাম্য বিকাশ মঞ্চ’ৰ সভাপতি পৃথ্বিভূষণ ডেকালৈ আগবঢ়োৱা হৈছে ভাৰতীয় উদ্যোগীকৰণ বিকাশ প্ৰতিষ্ঠানৰ বঁটা। আহমেদাবাদত বুধবাৰে Entrepreneurship development institute of indiaৰ ২০২৪ বৰ্ষৰ সভাপতিৰ প্ৰাক্তন ছাত্র বটাঁ ২০২৪ ৰে তেওঁক সন্মানিত কৰা হৈছে। উল্লেখ্য যে ভাৰতীয় উদ্যোগীকৰণ বিকাশ প্ৰতিষ্ঠানে উদ্যোগীসকলৰ বাবে বিশেষ জুৰী বঁটা প্ৰদান কৰি আহিছে। উক্ত বঁটাৰ জৰিয়তে তেওঁক সামাজিক উদ্যোগী হিচাপে ব্যতিক্ৰমী কৃতিত্বৰ বাবে স্বীকৃতি প্ৰদান কৰিছে। মন কৰিবলগীয়া যে বঁটাপ্ৰাপক পৃথ্বিভূষণ ডেকাই সভাপতি হিচাপে ১৯৯৯ চনত স্থাপিত ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী সংস্থা গ্ৰাম্য বিকাশ মঞ্চক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি উক্ত সংস্থাৰ জৰিয়তে কেইবাশতাধিক নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ লগতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ক্ষুদ্ৰ উদ্যোগী সকলৰ মাজত জীৱিকাৰ সুযোগ সৃষ্টি আৰু অৰ্থনৈতিক সবলীকৰণ কৰি অৰ্থনীতি আৰু সমাজ উভয়তে যথেষ্ট অৰিহণা যোগাই আহিছে। উদ্যোগীকৰণ আৰু নিয়োগ সৃষ্টিৰ প্ৰতি তেওঁৰ নিষ্ঠাই সামাজিক প্ৰভাৱৰ ক্ষেত্ৰত এক উল্লেখযোগ্য আদৰ্শ দাঙি ধৰাৰ সুবাদতে প্ৰদান কৰা হৈছে উক্ত বটাঁ।

প্ৰেৰক প্ৰাঞ্জল শৰ্মা

You might also like