নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় জাতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ

🎯জিম্বাব’ৱে ভ্রমণৰ ১৫জনীয়া দল ঘোষণা বিচিচিআইৰ

🔴অধিনায়কৰ দায়িত্বত শুভমন গিল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জুনঃ দীর্ঘদিনীয়া আশা-প্রত্যাশাৰ অন্ত পেলাই আহিল খবৰটি৷ আশা আছিল এদিন অসমৰ সন্তানে ভাৰতীয় পুৰুষ ক্রিকেট দলটোক প্রতিনিধিত্ব কৰিব৷ বছৰ বছৰ ধৰি বাস্তৱায়িত হোৱা নাছিল এই সপোন৷ কিন্তু আজি অসমৰ বাবে উল্লেখযোগ্য দিন৷ আনন্দৰ দিন৷ অসমে লাভ কৰিলে এক ভাল খবৰ৷ যি খবৰে অসম তথা সমগ্র উত্তৰ-পূর্বাঞ্চললৈ আনিছে আনন্দৰ জোৱাৰ৷ ৬ জুলাইৰ পৰা ঘৰুৱা দল জিম্বাব’ৱেৰ বিপক্ষে খেলিব লগীয়া পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোত অসম সন্তান ৰিয়ান পৰাগে স্থান লাভ কৰাৰ কথা অনুষ্ঠানিকভাৱে ঘোষণা কৰিলে বিচিচিআয়ে৷ মন কৰিবলগীয়া যে প্রথম পুৰুষ ক্রিকেটাৰ হিচাপে ভাৰতীয় দলটোত স্থান লাভ কৰি ইতিহাস ৰচিলে ৰিয়ান পৰাগে৷ অৱশ্যে ভাৰতীয় দলত খেলাৰ সুযোগ লাভ কৰা ৰিয়ান পৰাগ হ’ল অসমৰ দ্বিতীয়গৰাকী ক্রিকেটাৰ৷ ৰিয়ানৰ পূর্বে মহিলা ক্রিকেটাৰ উমা চেত্রীয়ে প্রথম অসমীয়া হিচাপে ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷

You might also like