নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ৰ বিৰুদ্ধে ছুপ্ৰিম ক’ৰ্টত ৰাষ্ট্ৰসংঘৰ গোচৰ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এইবাৰ নজিৰবিহীনভাৱে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল ৰাষ্ট্ৰসংঘ । ‘কা’ক কেন্দ্ৰ কৰি শেহতীয়াকৈ ৰাজধানী নতুন দিল্লী আৰু চুবুৰীয়া ৰাজ্য মেঘালয় অগ্নিগর্ভ হৈ পৰাৰ সময়তে ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগ (ইউ এন এইচ আৰ চি)–এ উচ্চতম ন্যায়ালয়ৰ এখন ‘ইণ্টাৰভেনচন এপ্লিকেচন’ বা হস্তক্ষেপকাৰী আবেদন দাখিল কৰে ৷ জেনেভাস্থিত ভাৰতৰ স্থায়ী মিছনক সোমবাৰে সন্ধিয়া ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগৰ উচ্চায়ুক্ত মিচেল বাছেলেটৰ কার্যালয়ে এই বিষয়ে অৱগত কৰিছে ৷

উল্লেখ্য যে যোৱা ডিচেম্বৰ মাহত সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হৈ ‘কা’ত পৰিণত হোৱাৰ পিছতে ইয়াক অসাংবিধানিক আৰু বৈষম্যমূলক আখ্যা দি সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি অসমৰ বিভিন্ন দল–সংগঠনৰ উপৰি ৰাষ্ট্রীয় পর্যায়ৰ একাধিক ৰাজনৈতিক দল–সংগঠনেও উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ তথ্য অনুসৰি উচ্চতম ন্যায়ালয়ত ‘কা’ৰ বিৰুদ্ধে দাখিল হৈছে মুঠ ১৪৩খন লেখ আবেদন ৷ কিন্তু এইবাৰ ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগো অন্যতম আবেদনকাৰী হিচাপে চামিল হোৱাৰ লগে লগে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রালয়ে৷ অকল প্রতিক্রিয়া প্রকাশ কৰাই নহয়, ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগৰ প্রতি কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রালয়ে কঠোৰ বার্তা দিছে ৷ এখন সার্বভৌম ৰাষ্ট্রৰ আভ্যন্তৰীণ বিষয়ত তৃতীয় পক্ষই মূৰ ঘমোৱাটো উচিত নহয় বুলি উল্লেখ কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ মুখপাত্র ৰবীশ কুমাৰে স্পষ্টভাৱে কয়– ‘ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগৰ উচ্চায়ুক্তৰ কার্যালয়ে জেনেভাস্থিত আমাৰ স্থায়ী মিছনক কালি সন্ধিয়া নাগৰিকত্ব সংশোধনী আইন সন্দর্ভত এখন হস্তক্ষেপকাৰী আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰাৰ কথা জানিবলৈ দিয়ে ৷ আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে ভাৰতৰ সার্বভৌমত্ব সংক্রান্তীয় বিষয়ত তৃতীয় পক্ষৰ হস্তক্ষেপ কৰাৰ অধিকাৰ নাই৷ ইয়াৰ সৈতে এখন সার্বভৌম ৰাষ্ট্রৰ সংসদৰ আইন প্রণয়নৰ অধিকাৰ জড়িত হৈ আছে৷’

দেশ বিভাজনৰ দুখজনক সময়তেই উদ্ভৱ হোৱা মানৱ অধিকাৰ ইছ্যুত দীর্ঘদিনীয়া ৰাষ্ট্রীয় প্রতিশ্রুতি ‘কা’ত প্রতিফলন হোৱা বুলিও তেওঁ মন্তব্য কৰে৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ মুখপাত্রজনে পুনৰ কয়– ‘নির্দিষ্ট আইনৰ মাজেৰে শাসিত ভাৰত এখন গণতান্ত্রিক ৰাষ্ট্র৷ আমি আমাৰ স্বতন্ত্র ন্যায় ব্যৱস্থাক সন্মান কৰোঁ আৰু ইয়াৰ প্রতি বিশ্বাস আছে৷’ আমাৰ দৃঢ় বিশ্বাস যে আমাৰ আইনগতভাৱে শুদ্ধ আৰু শক্তিশালী স্থিতিক সন্মানীয় উচ্চতম ন্যায়ালয়ে মর্যাদা প্রদান কৰিব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে দেশজুৰি প্রতিবাদৰ উদ্ভৱ হ’লেও প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ‘কা’ কোনো কাৰণতে বাতিল কৰা নহয় বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে৷ কিন্তু ইয়াৰ মাজতে ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগে ‘কা’ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আর্জি দাখিল কৰাটো সাম্প্রতিক প্রেক্ষাপটত চিহ্ণিত হৈছে যথেষ্ট তাৎপর্যপূর্ণৰূপে ৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ে তাৎক্ষণিকভাৱে ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগৰ প্রতি কাঢ়া বার্তা প্রেৰণ কৰিলেও বিষয়টোক লৈ বিভিন্নজনে প্রতিক্রিয়া ব্যক্ত কৰিছে৷ প্রাক্তন কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রী কে নটৱৰ সিঙে ইয়াক ভাৰতৰ কূটনৈতিক ইতিহাসৰ অভূতপূর্ব ঘটনা আখ্যা দিয়ে৷ তেওঁ কয় যে মোৰ যিমানদূৰ মনত পৰে, ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগে প্রথমবাৰৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷ সিঙৰ লগত সহমত ব্যক্ত কৰিছে ৰাষ্ট্রসংঘত ভাৰতৰ প্রাক্তন স্থায়ী প্রতিনিধি চিন্ময়া ঘাৰেখানেও৷ ঘাৰেখানে কয় যে ৰাষ্ট্রসংঘ হ’ল এটা আন্তঃৰাষ্ট্রীয় সংস্থা আৰু তেওঁলোকে ভাৰতৰ সর্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাটো সমুচিত নহয় ৷

You might also like